ব্যাখ্যা কৰাঃ
তোমাৰ
চৰন দুই মোৰ মহা ধন ।
ভকত জনৰ নিজ তুমিসে জীৱন
।
উত্তৰঃ প্ৰসংগঃ উক্ত
কথাফকি আমাৰ পঠ্য়পুথিত অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰছত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
সংগতিঃ উক্ত পদফকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে , ভগৱাানৰ চৰণতে ভক্তসকলে প্ৰকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগবানৰ চৰণ দুখনেই হল অমূল্য় সম্পদ।
ব্যখ্যাঃ কবিৰ মতে সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হবলৈ হলে ভগৱানৰ চৰনত শৰন লোৱাৰ বাহিৰে অন্য় কোনো উপাই নাই, সৰ্বব্য়াপ্তী নিকাৰ ভগৱানেই জগতৰ সৃষ্ঠিকৰ্তা পালনকৰ্তা তেওঁ সকলোৰ উৰ্দ্ধত, গতিকে হৰিৰ চৰনত শৰন লাভ কৰা মানে জগতৰ মূল্যৱান সম্পদ লাভ কৰাৰ সন্মান। ভক্তৰ বাবে ভগৱানেই পৰম আশ্ৰয়, সেইবাবে ভক্তৰ জীৱন ভগৱনতেই সমৰ্পিত । হৰিৰ চৰনেই হৈছে প্ৰকৃত ভকতৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব ।