ভটিমা - চমুটোকা লিখাঃ
উত্তৰঃ ভটিমাঃ 'ভাট' নামৰ একশ্ৰেণীৰ ভ্ৰাম্যমাণ গায়কে গোৱা গাম্ভীৰ্য্যসূচক প্ৰশস্তি গীতবোৰেই হৈছে ভটিমা। শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তিনি প্ৰকাৰৰ ভটিমা ৰচনা কৰিছিল - নাট ভটিমা, দেৱ ভটিমা, আৰু ৰাজ ভটিমা। নাটৰ আৰম্ভণি আৰু শেষত গোৱা ভটিমাই নাট ভটিমা। দেৱ ভটিমা ত দেৱতাৰ প্ৰশস্তি আৰু ৰাজ ভটিমাত ৰজাৰ গুণ গৰিমা বৰ্ণনা কৰা হয়। এই তিনি শ্ৰেণীৰ লগতে মাধবদেৱে আৰু একশ্ৰেণীৰ ভটিমা ৰচনা কৰিছিল, সেই হৈছে 'গুৰু ভটিমা।'