বৰগীত - চমুটোকা লিখাঃ
উত্তৰঃ বৰগীত অসমীয়া সাহিত্যৰ এক অন্যতম অভিনব অৱদান। নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ভাৱধাৰাৰে যিবোৰ গীত ৰচনা কৰি থৈ গৈছে সেই গীত সমূহকে বৰগীত বুলি কোৱা হয়। বৰগীত সমূহ সত্ৰৰ চৈধ্য প্ৰসংগৰ অন্তৰ্গত। চৰিত পুথিত উল্লেখ কৰা অনুসৰি বৰগীত সমূহৰ প্ৰথম সৃষ্টি হয় খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ শেষ দশকৰ আৰম্ভণিতে বদৰিকাশ্ৰত ৰচিত ' মন মেৰি ৰাম চৰণহি লাগু' ( শংকৰদেৱ) এই বৰগীতটোক প্ৰথম বৰগীত বুলি জনা যায়। মহাপুৰুষ শংকৰদেৱে বাৰকুৰি বৰগীত আৰু মাধৱদেৱে নকুৰি এঘৰটা বৰগীত ৰচনা কৰিছিল। শংকৰদেৱৰ বৰগীত সমূহ শষ্য ভাৱেৰে শিক্ত আৰু মাধৱদেৱৰ বৰগীত সমূহত শ্ৰী কৃষ্ণৰ বাল্যকালৰ খেলা ধূলা, মান অভিমান, চল চাতুৰী আদিৰ মাজেৰে ভগৱানৰ ঐশ্বৰিক মাহাত্ম্য প্ৰকাশ পাইছে।
.
ReplyDelete