মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?
উত্তৰঃ
মাধবদেৱৰ বৰগীত সমূহৰ বিষয়বস্তু হল - বাল গোপালৰ লীলা খেলা। তেওঁৰ
বৰগীত সমূহত শিশু কৃষ্ণৰ চৌৰা চাতুৰী সমূহ সুন্দৰকৈ বৰ্ণনা কৰাৰ লগতে যশোদাৰ চিৰন্তন মাতৃত্বৰ ছবিও সুন্দৰকৈ ফুটাই তোলা হৈছে। মাধবদেৱৰ
বৰগীত সমূহত এফালে বাৎসল্য আৰু আনফালে দাসত্ব ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে।