চমু পৰিচয় আৰু নামৰ উৎপত্তি
কাছাৰ জিলাখন আচলতে ত্ৰিপুৰা ৰাজ্যৰ এটা অংশ । এই অংশটো পিছত বৃহৎ ডিমাছা কছাৰী ৰাজ্যৰ লগত সংলগ্ন কৰা হয় । ডিমাছা কছাৰীসকলৰ নাম অনুসৰি এলেকাটোৰ নাম কাছাৰ হয় । এই সাম্ৰাজ্যৰ শেষৰ ৰজা আছিল গোবিন্দ চন্দ্ৰধ্বজ নাৰায়ণ হানচু । তেওঁৰ ৰাজত্বৰ কালছোৱাত কাছাৰৰ ৰাজধানী আছিল খাছপুৰ । তেওঁৰ ৰাজত্বৰ শেষত ব্ৰিটিছে এই ৰাজ্য দখল কৰে আৰু ইয়াৰ উত্তৰ অংশ ৰবাৰ্টচন আৰু বাকী পাহাৰীয়া অংশ অসমৰ ব্ৰিটিছ কমিছনাৰ জেনকিন্সক দাখিল কৰে । তেতিয়াৰ পৰাই এই অংশটো অসমৰ সীমাৰ ভিতৰত আহে ।
ভৌগোলিক অৱস্থান আৰু চাৰিসীমা
এই জিলাখন ৩৭৮৬ বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত । বৰাক নদী এই জিলাৰ মাজেৰে যোৱা মুখ্য নদী আৰু ইয়াৰ লগতে মণিপুৰৰ পৰা দিমহাছাওৰে বৈ যোৱা সৰু বৰ নদী সমূহ এই জিলাত প্ৰৱেশ কৰিছে । এই জিলাখনৰ প্ৰায় ভাগ সমতল যদিও ভালেমান পাহাৰীয়া ঠাই ও দেখা যায় । এই জিলাত বছৰি গড়ে ৩০০ মিলিমিটাৰতকৈ বেছি বৰষুণ হোৱা দেখা যায় । জিলা খনৰ মাজেৰে পাৰ হৈ যোৱা উপনৈ সমূহ হৈছে জাতিংগা, মধুৰা, ৰুকণী, সোনাই, বালিচেৰা , সুৰমা আদি ।
জিলা খনৰ চাৰিসীমা :
উত্তৰে: ডিমা হাচাও জিলা আৰু মেঘালয় ।
দক্ষিণে: মিজোৰাম ৰাজ্য ।
পূৱে: মণিপুৰ ৰাজ্য ।
পশ্চিমে: হাইলাকান্দি জিলা আৰু বাংলাদেশ ।
এই জিলাৰ সদৰ ঠাই হল শিলচৰ । শিলচৰ অসমৰ এখন মুখ্য বেপাৰ স্থল । ২০০৬ চনত ভাৰত চৰকাৰে কাছাৰক দেশৰ ৬৪০ খন জিলাৰ ভিতৰত ২৫০ তম পিছপৰা জিলা বুলি গণ্য কৰে । কাছাৰ জিলাখন অসমৰ ১১তম জিলা যিয়ে বৰ্তমান Backward Regions Grant Fund Programme ৰ পৰা সাহাৰ্য্য লাভ কৰে ।
বিভাগ
এই জিলাখন দুটা বিভাগত বিভক্ত- শিলচৰ আৰু লক্ষীপুৰ । এই জিলাখনত সাতটা সমষ্টি আছে – শিলচৰ, সোনাই, ধলাই, উদ্ধাৰবন্দ, লক্ষীপুৰ, বৰখোলা আৰু কাটিগড় । এই সাতটা সমষ্টি লগ হৈ শিলচৰ লোকসভা সমষ্টি গঠিত হৈছে ।
যাতায়ত
শিলচৰ অসমৰ ষষ্ঠ খন চহৰ যত বিমান পৰিবহণ সেৱা উপলব্ধ । এই জিলাখন ৰেলপথেৰে লামডিংৰ লগত সংযুক্ত । ইয়াৰ ওপৰিও স্থল পথেৰে শিলচৰৰ পৰা কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক অসম তথা ভাৰতৰ আন আন ঠাইৰ লগতে সংযোগ স্থাপন কৰিছে । ৪৪নং, ৫৩নং আৰু ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথ জিলা খনৰ মাজেৰে পাৰ হৈ গৈছে ।
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল মতে এই জিলাখনৰ মুঠ জনসংসা হল ১৭,৩৬,৬১৭ গৰাকী । জনসংখ্যা হিচাপে কাছাৰ ভাৰতৰ ২৭৮ তম জিলা । এই জিলাত প্ৰতি বৰ্গকিলোমিটাৰত জনসংখ্যা হল ৪৫৯ গৰাকী । এই জিলাৰ পুৰুষ-মহিলাৰ অনুপাত হল ১০০০:৯৫৮ । কাছাৰ জিলাৰ সাক্ষৰতাৰ হাৰ হল ৮০.৩৬ শতাংশ ।
ভাষা
বঙালী আৰু ইংৰাজী হল এই জিলাৰ মুখ্য ভাষা । এই জিলাৰ প্ৰায়ভাগ লোকে সিলেটি ভাষা কয় আৰু কিছুমানে ভোজপুৰী, মৈত্ৰী মণিপুৰী, ডিমাছা কছাৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী নেপালী, হামাৰ আৰু ৰংমি ভাষাও কয় ।
শিক্ষা
কাছাৰ জিলাখন শিক্ষাৰ ক্ষেত্ৰত উত্তৰপূৰ্বাঞ্চলৰ ভিতৰতে নাম থকা । শিলচৰ ইয়াৰ মুখ্য শৈক্ষিক কেন্দ্ৰস্থল । এই জিলাতে অসম বিশ্ববিদ্যালয় নামেৰে এখন কেন্দ্রীয় বিশ্ববিদ্যালয় আছে যিখন শিলচৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত অৱস্থিত । ইয়াৰ ওপৰিও শিলচৰত NIT Silchar, শিলচৰ চিকিৎসা মহাবিদ্যালয় আছে । শিলচৰত থকা মুখ্য মহাবিদ্যালয় সমূহ হল কাছাৰ মহাবিদ্যালয়, গুৰুচৰণ মহাবিদ্যালয়, ৰাধামাধৱ মহাবিদ্যালয় ইত্যাদি ।
বনাঞ্চল
এই জিলাখন প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰতো চহকী । জিলাখনত প্ৰধানতঃ চিৰসেউজীয়া উদ্ভিদৰ লগতে উত্তৰ ফালে বৰ্ষাৰণ্যও দেখা যায় যত বাঘ, এছিয়ান হাতী, হলৌ বান্দৰ, গঁড় আদি আছে । এই জিলাৰ উত্তৰ ভাগটো ধলেশ্বৰী সংৰক্ষিত বনাঞ্চল হিচাপে পৰিগণিত । এই জিলাতে বৰাইল সংৰক্ষিত বনাঞ্চল অৱস্থিত ।