গ্ৰন্থমেলা | Book Fair | Book Fair in Assamese

গ্ৰন্থ মানৱ জীৱনৰ অমূল্য সম্পদ সভ্যতাৰ বিকাশত যুগে যুগে গ্ৰন্থই গ্ৰহণ কৰে বৰণীয়া ভূমিকা গ্ৰন্থই ৰচনা কৰে মানসিক সেতুবন্ধন


আৰম্ভণি
:

                              মানুহে নিজৰ জীৱন অভিজ্ঞতাৰ পৰা শিক্ষা লাভ কৰে কিন্তু এটা খন্তেকীয়া জীৱনত লাভ কৰা অভিজ্ঞতাই মানুহৰ বাবে জ্ঞান অৰ্জনৰ সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে । তাৰ বাবে মানুহৰ হাতত এক প্ৰকাৰৰ সমল আছে যাক গ্ৰন্থ আখ্যা দিয়া হয় । মানুহে গ্ৰন্থৰ যোগেদি আন আন সফল ব্যক্তিৰ অমুল্য অভিজ্ঞতাবোৰ পঢ়িব পাৰে আৰু অধিক জ্ঞান অৰ্জন কৰিব পাৰে । মানুহৰ জীৱনত গ্ৰন্থৰ প্ৰভাৱ অপৰিসীম কিতাপ নথকা ঘৰক খিৰিকী  কোঠাৰ লগত তুলনা কৰা হয় সেইবাবে গ্ৰন্থমেলা হল জ্ঞান বিস্তাৰৰ মেলা গ্ৰন্থমেলা লেখক-পাঠক-প্রকাশকৰ মিলন ভূমি লেখকে কিতাপ লিখি দিয়ে, প্ৰকাশকে তাক ৰুচি সন্মত ভাবে ধুনীয়াকৈ নিৰ্মূল ভাবে চপাই বন্ধাই উলিয়াব লাগে আৰু পাঠকে তাক কিনি পঢ়িব লাগে

বিশ্বৰ বিভিন্ন গ্ৰন্থমেলা:

                            পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ গ্ৰন্থ মেলা অনুষ্ঠিত হয় ২০২০ চনত ভাৰত, তুৰ্কী, ইজিপ্ত, ফ্ৰাঞ্চ, টাইৱান, পাকিস্তান,মস্কো, কিউবা, লেটিভা, ইটালি, বেলজিয়াম, ডুবাই, ইংলেণ্ড, জাৰ্মানী,থাইলেণ্ড, কানাডা, কলম্বিয়া দিকে ধৰি ভালেমান ঠাইত আন্তৰ্জাতিক পৰ্যায়ত গ্ৰন্থমেলা অনুষ্ঠিত হয় প্ৰত্যেক বছৰে বছৰে এনেবোৰ মেলা বহে যত কোটি কোটি টকাৰ গ্ৰন্থ বিক্ৰী হয় নেডাৰলেণ্ডত প্ৰতি বছৰে প্ৰায় এক নিযুত গ্ৰন্থ বিক্ৰী হয় বুলি জনা যায়  ভাৰতেও সেইবোৰত অংশগ্ৰহণ কৰি নিজৰ পটুতা পৰিদৰ্শন কৰি আহিছে

ভাৰতৰ গ্ৰন্থমেলা:

                             গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত পৃথিবীৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম বুলি কোৱা হয় সেইবাবে এই শতিকাৰ তৃতীয় দশক মানৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত গ্ৰন্থ বিক্ৰীৰ সৰু বৰ উদ্যোগ গঢ় লৈ উঠিছে ভাৰতৰ নতুনদিল্লীত জানুৱাৰী মাহৰ পহিলা সপ্তাহতে গ্ৰন্থমেলা অনুষ্ঠিত হয় এই বছৰো নতুনদিল্লী, জয়পুৰ, কলিকতা আদিত জানুৱাৰী মাহৰ পৰাই গ্ৰন্থমেলা অনুষ্ঠিত হোৱা দেখা গৈছে উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা, মেঘালয় আৰু অসমত বছৰি গ্ৰন্থমেলা হয় ভাৰতত জাতীয় গ্ৰন্থ ন্যাস (National Book Trust) য়ে অনলাইন ভিত্তিত গ্ৰন্থ বিক্ৰীৰ পথ মুকলি কৰি দিছে

অসমৰ গ্ৰন্থমেলা:

                            জাতীয় গ্ৰন্থ ন্যাসে গ্ৰন্থৰ প্ৰকাশ আৰু প্ৰসাৰৰ আদৰণীয় ভূমিকা গ্ৰহণ কৰি আহিছে গ্ৰন্থমেলা আয়োজন কৰি এই সংস্থাটোৱে কৰ্তৃত্ব অৰ্জন কৰিছে অসমত অসম সাহিত্য সভাৰ অধিৱেশন বোৰৰ লগত গ্ৰন্থমেলা বহাৰ নিয়ম সুদূৰ প্ৰসাৰি পিছে শেহতীয়াকৈ আনন্দমেলাৰ  প্ৰকোপত কিতাপ বিক্ৰী নোহোৱাৰ নিচিনাই গুৱাহাটীৰ চাণ্ডমাৰিত অসম প্ৰকাশন পৰিষদৰ উদ্দোগত প্ৰতি বছৰে গ্ৰন্থমেলাৰ আয়োজন কৰা হয় এই বছৰো চাণ্ডমাৰিত ৩৩ তম গ্ৰন্থমেলা অনুষ্ঠিত কৰা হয় অসমৰ যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, বঙাইগাঁও, বৰপেটা, গোলাঘাট, গোৱালপাৰা আদিতো আনুষ্ঠানিক গ্ৰন্থমেলা অনুষ্ঠিত হয়

গ্ৰন্থমেলাৰ আন আকৰ্ষণ:

                             গ্ৰন্থমেলাক কেন্দ্ৰ কৰি আলোচনা চক্ৰকে ধৰি কিছুমান সাহিত্য অনুষ্ঠানো আয়োজন কৰা হয় এনে অনুষ্ঠান সমূহত দেশ বিদেশৰ পৰা অহা বিভিন্ন শিল্পী সাহিত্যিকে নিজৰ প্ৰতিভা মানুহৰ আগত ব্যক্ত কৰে ছাত্ৰছাত্ৰীৰ লগতে আন মানুহবোৰেও এনে উপযোগী অনুষ্ঠান সমূহৰ পৰা বহুতো জ্ঞান অৰ্জন কৰিবলৈ সুবিধা পায়

সামৰণি:

                             বৰ্তমান সময়ত এটা অভিযোগ শুনা যায় যে এতিয়া গ্ৰন্থমেলা বহুত হৈছে কিন্তু নতুন কিতাপ আৰু পঢ়ুৱৈৰ সংখ্যা কমি আহিছে জাতিৰ উন্নতি আৰু প্ৰগতিৰ বাবে প্ৰকাশক আৰু লেখক সকলে সময়ে সময়ে বিভিন্ন উপযোগী পঢ়ুৱৈ সমাজলৈ যোগান ধৰিব লাগিব অসমৰ প্ৰসিদ্ধ লেখক হোমেন বৰগোহাঞিয়ে কিতাপক জীৱনৰ সঞ্জীৱনী সুধাআখ্যা দিছে সেইবাবে জাতিক বছৰে বছৰে নতুন নতুন গ্ৰন্থৰ প্ৰয়োজন বৰ্তমানৰ ওৱাৰেন বাফেৰ্ট, বিল গেটছ আদিৰ দৰে কোটি পাতি সকলেও দৈনিকভাবে গ্ৰন্থ অধ্যয়ন কৰে প্ৰতিজন মানুহকে জ্ঞানী হবলৈ গ্ৰন্থৰ অত্যন্তই প্ৰয়োজন আৰু এনে মেলাৰ আয়োজনত সমাজৰ বিজ্ঞব্যক্তি সকলহে থকা উচিত সম্পূৰ্ণ ব্যৱসায়িক স্বাৰ্থত এনে মেলা পাতিলে গ্ৰন্থ, গ্ৰন্থকাৰ অথবা পাঠক সমাজ আটাইৰে বিশেষ কোনো লাভ আশা কৰিব নোৱাৰি আটাইৰে কল্যাণৰ হেতুকে এই তিনিসমাজে সমস্বৰে হাত মিলালেহে জাতিৰ উন্নতি নিশ্চিত

                                                                                                                                                                         ৎস:ৰচনা বিচিত্ৰা আৰু 2SEAS AGENCY Report


Post a Comment

Previous Post Next Post