ওদালগুৰি জিলা | Udalguri | Udalguri district in Assamese

চমু পৰিচয় আৰু নামৰ উৎপত্তি

         ওদালগুৰি জিলা বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদ (BTAD) ৰ অন্তৰ্গত ওদালগুৰি নগৰ জিলাখনৰ সদৰ ঠাই। "ওদাল" নামৰ গছৰ পৰাই ওদালগুৰি নামৰ উৎপত্তি হোৱা বুলি কোৱা হয় । "ওদাল"- এডাল গছ + গুৰ প্ৰত্যয়, গুৰি অৰ্থাৎ শিপা। যাৰ অৰ্থ হল- ওদাল গছেৰে আগুৰা এখন ঠাই। আন এক প্ৰবাদমতে এই নামতো সৃষ্টি হ'ল, কিয়নো এই ঠাইত ওদ্দালক নামৰ এক ঋষিৰ আশ্ৰম থকা বুলি বিশ্বাস কৰা হৈছিল। কিন্তু, হয়তো এইটোৱে বেছি বিশ্বাসযোগ্য যে দুটা বড়ো শব্দ "ওৰ্‍দ্লা" আৰু "গুন্দ্ৰি" মিলি নামটো হলগৈ ওৰ্‍দ্লাগুন্দ্ৰি > ওৰ্‍দ্লাগুন্দি > ওদালগুৰি বা উদালগুৰি। বড়ো ভাষাত "ওৰ্‍দ্লা" মানে বহল তথা মূল্যবান আৰু "গুন্দ্ৰি" মানে গুৰি (পাউদাৰ)।

বিটিচি ত অন্তৰ্ভুক্তি

         বিটিচি গঠন হোৱাৰ আগলৈকে ওদালগুৰি এখন নগৰ সমিতি আৰু দৰং জিলাৰ এটা মহকুমা আছিল। পিছলৈ বড়ো সংগঠন যেনে বড়ো লিবাৰেচন টাইগাৰচ্‌ (সংক্ষেপে বিএলটি), ভাৰত আৰু অসম চৰকাৰৰ সৈতে ১০ ফেব্ৰুৱাৰী ২০০৩ চনত হোৱা ত্ৰিপক্ষীয় শান্তি চুক্তি মৰ্মে ও ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ সংশোধন কৰাৰ ফলত অঞ্চলটো ওদালগুৰি জিলা হিচাপে বিটিচিৰ অন্তৰ্ভুক্ত হয়। কুৰি শতিকাৰ শেষৰ ফালে অসম ৰাজ্যখনক পুনৰগঠন কৰি তিনিখন নতুন জিলা সৃষ্টি কৰা হয়। জিলা তিনি খনৰ নাম হল চিৰাং, বাক্সা আৰু ওদালগুৰি। দৰং জিলাৰ উত্তৰ অংশ লৈ বড়ো টেৰিটৰিয়েল এৰিয়া ড্ৰিষ্টিক (বি টি এ ডি)-ৰ অধিনত ওদালগুৰি জিলা গঠন কৰা হয়। এনে পুনৰগঠনৰ ফলত ৰাজ্যখনৰ জিলাৰ সংখ্যা ২৩ খনলৈ বৃদ্ধি হয়। ইয়াৰ পাছত অসম চৰকাৰৰ ২০০৩ চনৰ ৩০ অক্টোবৰৰ বিজ্ঞপ্তি নং জিএজি(বি)১৩৭/২০০২/পিটি/১১৭ অনুসৰি "বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল" (Boroland Teritorial Council) চমুকৈ বিটিচি (BTC)-ৰ অধীনত উক্ত নতুন জিলাকেইখনৰ লগতে কোকৰাঝাৰ জিলাক সাঙুৰি ৪ জিলাক বিটিএডিৰ (BTAD) অন্তৰ্ভুক্ত কৰা হয়।

মহকুমা

         ওদালগুৰি জিলাক দুখন মহকুমাত ভাগ কৰা হৈছে সেই দুখন ': ওদালগুৰি আৰু ভেৰগাঁও ভেৰগাঁও ওদালগুৰিৰ পৰা পশ্চিমে প্ৰায় ১৫ কিলোমিটাৰ দূৰৈত অৱস্থিত

বিধানসভাৰ সমষ্টি

        ওদালগুৰি জিলাত অসম বিধানসভাৰ তিনিটা সমষ্টি আছে: পানেৰী (৬৪), ওদালগুৰি (৬৯), মাজবাট (৭০) এই সকলোবোৰ অঞ্চল মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত ৷

ভৌগোলিক অৱস্থান আৰু চাৰিসীমা

         ওদালগুৰি জিলাৰ ভৌগোলিক অৱস্থান ৯১ ডিগ্ৰী ৪৫ মিনিটৰ পৰা ৯২ ডিগ্ৰী ১৫ মিনিট দ্ৰাঘিমাংশলৈ আৰু ২৬ ডিগ্ৰী ১৫ মিনিটৰ পৰা ২৭ ডিগ্ৰী অক্ষাংশলৈ বিস্তৃত। ওদালগুৰি জিলাৰ উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ, পূবে শোণিতপুৰ জিলা, পশ্চিমে বাক্সা আৰু কামৰূপ জিলা, দক্ষিণে দৰং জিলা অৱস্থিত। ওদালগুৰি জিলাৰ মাটিকালি ১,৮৫২.১৬ বৰ্গ কিলোমিটাৰ।

নদ-নদী

         এই অঞ্চলটোৰ মাজেৰে কেইবাখনো নৈ, উপনৈ উত্তৰৰ তিব্বত আৰু হিমালয় পৰ্বতৰ পৰা বৈ আহিছে। সেইবোৰৰ ভিতৰত গলন্দি, খাওৰঙ, দৈখাম, ধনশিৰি আদি অন্যতম । ১৬শ শতিকাৰ মাজভাগলৈ অতি বেছি বৰ্ষাৰ প্ৰভাবত ধনশিৰি নৈ ওদালগুৰি নিচেই ওচৰৰে বৈ আছিল যি বৰ্তমান ৰৌতাৰ (১৫ কি.মি) ওচৰৰে বয়। মাছ, কাছ আদিৰে পৰিপূৰ্ণ এই নদী সমূহ জলজ সম্পদত চহকী ।

জনবসতি

         ২০১১ চনৰ লোকপিয়ল অনুসৰি ওদালগুৰি জিলাৰ মুঠ জনসংখ্যা ৮,৩২,৭৬৯ জন। ইয়াৰে ৪,২৩,৬১৭ জন পুৰুষ আৰু ৪,০৯,১৫২ গৰাকী মহিলা। জিলা খনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪৪৯.৬ জন৷ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৬৬.৬%।

ভাষা

          ওদালগুৰি জিলাৰ চৰকাৰী ভাষা হল বড়ো ভাষা । এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী বড়ো জনগোষ্ঠীৰ লোক৷ আন জনগোষ্ঠীসমূহ হৈছে: নেপালী, চাঁওতাল আৰু ৰাভা। জিলাখনৰ মূল কথিত ভাষাসমূহ হৈছে: বড়ো, অসমীয়া, নেপালী আৰু চাঁওতালি ।

অৰ্থনীতি

                        ওদালগুৰি জিলাৰ অৰ্থনীতি প্ৰধানত কৃষিৰ ওপৰত নিৰ্ভৰশীল ।  জিলা খনৰ ৯৫ শতাংশ মানুহেই কৃষি কৰ্মৰ লগত জড়িত ২০১৩-১৪ চনৰ গননা অনুসৰি জিলা খনৰ মাটিকালি ১৬৭৩৯৪ হেক্টৰ খেতিৰ বাবে উপযোগী মাটিৰ পৰিমান ৯৯৯৪৯ হেক্টৰ খেতিৰ বাবে অনুপযোগী মাটিৰ পৰিমান ৩০৪৩০ হেক্টৰসৰ্বমুঠ বনাঞ্চল ২২৪০০ হেক্টৰ এই জিলাৰ মানুহৰ জিৱীকাৰ প্ৰধান উপায় হৈছে ধানখেতি ধানখেতিৰ উপৰিও ইয়াৰ অঞ্চলৰ মানুহে সৰিয়ঁহ,মাকৈ, ঘেহু, মৰাপাট, কল, কমলা, চাহখেতি আদি কৰাৰ লগতে বিভিন্ন ধৰনৰ শাক-পাচলি ইয়াত উৎপাদন হয় জিলা খনৰ জলবায়ু ৰেচম শিল্পৰ বাবেও যথেষ্ট উপযোগী| ৰেচম শিল্পৰ উৎপাদনৰ লগত জিলাখনৰ বিভিন্ন লোক জড়িত হৈ আছে,বিশেষকৈ মহিলা সকল এই শিল্পৰ দ্বাৰা কৰ্ম স্ংস্থাপন পাইছে আৰু অৰ্থনীতিক ভাৱে জিলাখন টনকিয়াল হৈছে |

Post a Comment

Previous Post Next Post