অসমৰ প্ৰাকৃতিক সম্পদ আৰু অৰ্থসামাজিক উন্নয়ন

অসমৰ প্ৰাকৃতিক সম্পদ আৰু অৰ্থসামাজিক উন্নয়ন

 

                প্ৰকৃতিৰ বুকুত উদ্ভব  হোৱা সম্পদেই প্ৰাকৃতিক সম্পদ দেশ এখনৰ অৰ্থনৈতিক উন্নয়নত প্ৰাকৃতিক সম্পদৰ গুৰুত্ব অপৰিসীম যিখন দেশ প্ৰাকৃতিক সম্পদত চহকী, সেইখন দেশৰ সামগ্রিক উন্নয়নৰ পথ  সিমানে প্ৰশস্ত আমাৰ অসম খনো প্ৰাকৃতিক সম্পদত ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত বহুত  চহকী

                  প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত চহকী হলেও অসম অৰ্থনৈতিক তথা অৰ্থ-সামাজিক দিশৰ পৰা পিছপৰা ৰাজ্য । অসমৰ আৰ্থ-সামাজিক গাঁঠনি দ্বিত্বীয় মহাযুদ্ধৰ সময়ৰে পৰা চকুত পৰাকৈ পৰিৱৰ্ত্তন ঘটিবলৈ লৈছিল। ব্ৰিটিছৰ পৃষ্ঠপোষকতাতে আৰম্ভ হোৱা অসমৰ চাহ আৰু তৈলক্ষেত্ৰৰ মুনাফা আজি পৰ্য্যন্ত পূঁজিপতি বণিক গোষ্ঠীৰ দ্বাৰাহে নিয়ন্ত্ৰিত। উপনিবেশিক মানসিকতাৰ পৰা মুকলি হৈ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্ত্তনৰ অতীৱ প্ৰয়োজন আহি পৰিছে ।

       অসম প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত চহকী হৈও অৰ্থনৈতিক দিশৰ পৰা পিছপৰাৰ মূল কাৰণ সমূহৰ ফালে চালে দেখা যায় যে

(১)অসমত উপযুক্ত কাৰিকৰী দিশৰ জ্ঞান থকা লোকৰ অভাৱ

(২)উপযুক্ত বজাৰৰ অভাৱ

(৩)উদ্দোগ স্থাপন কৰিবলৈ মূলধনৰ অভাৱ

(৪)প্ৰাকৃতিক সম্পদৰ ওপৰত অমনযোগীতা ইত্যাদি ।

        নতুন প্ৰজন্মই এই ক্ষেত্ৰত বাটকটীয়া হব লাগিব। নতুন প্ৰজন্মৰ মাজত এক বৰ্হিমুখী মানসিকতাৰ পৰিৱৰ্তে এক উদ্যোগমুখী মানসিকতা গঢ়ি তোলাৰ সময় সমাগত। অন্যথা অসমৰ আন এক আৰ্থ-সামাজিক অৱক্ষয়ৰ বাবে উত্তৰ প্ৰজন্মৰ ওচৰত আমিয়েই জগৰীয়া হব লাগিব। যদিও শ্ৰুতিকটু আমি অসমীয়া সমাজ সম্প্ৰতি বৌদ্ধিক, আৰ্থ-সামাজিক প্ৰগতিৰ পৰিৱৰ্তে ক্ষণভঙ্গুৰ বিলাসী মানসিকতাৰে পৰিচালিত হৈছো যাৰ ফল এক অৱশ্যসম্ভাৱী নৈতিক দুৰ্যোগেৰে প্ৰতিফলিত হব । সঠিক সময়ত আমি সজাগ নহলে এটা সময়ত প্ৰাকৃতিক সম্পদৰ মালিকীস্বত্বৰ বাবেও আমি চাহ আৰু তেলৰ দৰেই হাহাঁকাৰ কৰিব লাগিবগৈ । সঠিক সময় সমাগত, আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত পূঁজিপতি বণিক গোষ্ঠীৰ লোলুপ দৃষ্টি বহুদিনীয়া, এতিয়া সেই দৃষ্টি হাতোৰালৈ পৰিণত হবলৈ আৰম্ভ কৰিছেই । আমাৰ কৰণীয়বোৰ ঠিৰাং কৰিবৰ হল।

Post a Comment

Previous Post Next Post