অসমৰ প্ৰাকৃতিক সম্পদ

অসমৰ প্ৰাকৃতিক সম্পদ

         মানুহৰ প্ৰয়োজন পূৰণ কৰিব পৰা প্ৰত্যেকবিধ বস্তুকে সম্পদ বোলা হয় । প্ৰকৃতিৰ বুকুত উদ্ভব  হোৱা সম্পদেই প্ৰাকৃতিক সম্পদ দেশ এখনৰ অৰ্থনৈতিক উন্নয়নত প্ৰাকৃতিক সম্পদৰ গুৰুত্ব অপৰিসীম যিখন দেশ প্ৰাকৃতিক সম্পদত চহকী, সেইখন দেশৰ সামগ্রিক উন্নয়নৰ পথ  সিমানে প্ৰশস্ত আমাৰ অসম খনো প্ৰাকৃতিক সম্পদত ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত বহুত  চহকী অসমত পোৱা প্ৰাকৃতিক সম্পদক সাধাৰণতে তিনিটা  ভাগত ভাগ কৰিব পাৰি : 

() বনজ সম্পদ

() খনিজ সম্পদ

() জলজ সম্পদ



বনজ সম্পদ :

‘জ’ মানে জন্মা । বনত জন্মা বা পোৱা সম্পদ বোৰক বনজ সম্পদক বোলা হয় । অসমৰ বনজ সম্পদক দুটা  ভাগত ভাগ কৰিব পাৰি যেনে-

() গছ-গছনি : অসমৰ হাবি- বননিত বহুমূল্যবান গছ গছনি যথা- শাল, চেগুণ, তিতাচপা, গামেৰী, শিশু, চন্দন, অগৰ আদি যথেষ্ট পৰিমাণে পোৱা যায় এইবোৰৰ দ্বাৰা গৃহ নিৰ্মাণ, আচৱাব-পত্ৰ নিৰ্মাণ, ৰেলৰ শ্লিপাৰ  নিৰ্মাণ আদি কামত ব্যৱহাৰ কৰা হয় চন্দন, অগৰ আদি ঔষধ আৰু সুগন্ধি তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা হয় নাও তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা চাও গছো অসমত পোৱা যায় শিমলু গছ  প্লাইউড  উদ্যোগত ব্যৱহাৰ কৰা হয়

 () জীৱ- জন্তু : অসমৰ হাবিত গছ-গছনিৰ উপৰিও অন্যান্য জীৱ-জন্তু, চৰাই-চিৰিকতি পোৱা যায় জন্তুবোৰৰ  ভিতৰত বাঘ, ভালুক, সিংহ, হৰিণ, বান্দৰ, হাতী, গড় আদি উল্লেখযোগ্য অসমৰ এশিঙ্গিয়া গড় বিশ্ব বিখ্যাত অসমৰ এদনীয়া সম্পদ অসমৰ হাবিত পোৱা চৰাই-চিৰিকতিৰ ভিতৰত- মইনা, কাউৰী, ভাটো, মৰা চৰাই, ধনেশ, বাদুলী, কাউৰী, কেতেকী আদি যথেষ্ট পৰিমাণে পোৱা যায়

                              এই বনজ সম্পদবোৰৰ ওপৰত ভিত্তি  কৰি অসমত কেইবাটাও উদ্যোগ গঢ়ি উঠিছে সেইবোৰৰ ভিতৰত বাহ-বেতৰ শিল্প উদ্দোগ, দিয়াচলাই উদ্যোগ, প্লাইউড উদ্যোগ, কাগজ উদ্যোগ, বনস্পতি উদ্যোগ, আদি অসমে প্ৰতি বছৰে প্ৰাকৃতিক সম্পদ আহৰণ কৰি আৰু সেইবোৰ বিদেশলৈ ৰপ্তানি কৰি যথেষ্ট ৰাজহ সংগ্ৰহ কৰিব পাৰে

খনিজ সম্পদ

          অসমক খনিজ সম্পদত অত্ত্ন্ত চহকী ৰাজ্য অসমত পোৱা প্ৰ্ধান খনিজ সম্পদ সমুহ হল খাৰুৱা তেল, কয়লা, চূণশিল আৰু প্ৰাকৃতিক গেছ ।  খাৰুৱা তেলৰ বাবে  অসম ভাৰত বিখ্যাত খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি অসমক পনিয়া সোণৰ ৰাজ্য বুলি কোৱা হয় । অসমত কয়লা যথেষ্ট পৰিমাণে পোৱা যায় অসমৰ লিডু মাৰ্ঘেৰিটা, বৰ গোলাই, টিপয়. মাকুম আদিত কয়লাৰ  খনি আছে কয়লাবোৰ  বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা হয় প্ৰতিবছৰে অসমে কয়লাৰ পৰা যথেষ্ট ৰাজহ লাভ কৰে অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকুৱা, হুগ্ৰীজান আদিত তেলৰ পুং আৱিষ্কাৰ হৈছে অসমত চূণশিলো  পোৱা যায় ইয়াক চিমেন্ট কাৰখানাত ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰি অসমত বালিচন্দা, সোণ আৰু লোৰ আকৰ পোৱা যায় অসমৰ খনিজ সম্পদৰ ওপৰত ভিত্তি  কৰি বঙাইগাও, গুৱাহাটীৰ  নুনমাটি, ডিগবৈ  আদিত তেল শোধানাগাৰ স্থাপন কৰা হৈছে ১৯০১ চনত অসমৰ ডিগবৈত এছিয়া মহাদেশৰ ভিতৰত প্ৰথমতো তেল শোধানাগাৰ স্থাপন কৰা হৈছিল ।

জলজ সম্পদ

               অসম নদীমাতৃক ৰাজ্য । ইয়াৰ নদ-নদী সমূহ জলজ সম্পদেৰে পৰিপূৰ্ণ ব্রহ্মপুত্ৰ অসমৰ প্ৰধান নৈ ইয়াৰোপৰি বাৰিষা কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয় ফলত অসমৰ জলজ সম্পদ ইমানেই বৃদ্ধি পায় যে অসমীয়া মানুহে সেইবোৰৰ  ব্যৱহাৰ কৰিব নোৱাৰাত বিশ্বই অসমবাসীক অকৰ্মণ্য আৰু সম্পদৰ মূল্য নুবুজা জাতি বুলি গালি দিয়ে অসমৰ জলভাগত মাছ কাছ, জলজ উদ্ভিদ আদি যথেষ্ট পৰিমাণে উৎপন্ন হয়

কৃষিজ সম্পদ :

             অসমত পোৱা আন এক প্ৰকাৰৰ সম্পদ হল কৃষিজাত সম্পদ । অসমৰ ভূমিৰ সাৰুৱা গুণৰ বাবেই কৃষিজাত সামগ্ৰী উৎপাদন সম্ভৱ হয় অসমত ধান, মাহ, সৰিয়হ, মৰাপাট, তামোল, কঁঠাল, মাটি কঁঠাল  আদি যথেষ্ট পৰিমাণে উৎপন্ন হয় অসমৰ এৰি, মুগা আদিও প্ৰাকৃতিক সম্পদ এইবোৰ সম্পদৰ ওপৰত ভিত্তি  কৰি পলু পোহা  হয়অসমৰ মাটিত উৎপাদন হোৱা কৃষিজাত সম্পদ সমূহ ভাৰতৰ লগতে আন আন দেশলৈও ৰপ্তানি হয় । অসমৰ এৰি, মুগা আদিৰ পৰা সূতা উৎপাদন কৰি সেইবোৰৰ পৰা কাপোৰ প্ৰ্স্তুত কৰা হয় যিয়ে সমগ্ৰ বিশ্বৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

Post a Comment

Previous Post Next Post