অসমৰ প্ৰাকৃতিক বিভাগ

অসমৰ প্ৰাকৃতিক বিভাগ

অসমৰ ঘাই প্ৰাকৃতিক বিভাগ তিনিটা

() ব্ৰহ্মপুত্ৰ উপত্যকা
 () বৰাক উপত্যকা
() কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল
            বৰ্তমান অসমত ৩৩ খন জিলা আছে ইয়ৰে ব্ৰহ্মপুত্ৰ উপত্যকাত ২৭ খন, বৰাক উপত্যকাত ৩ খন আৰু কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চলত ৩ খন জিলা আছে ।

ব্রহ্মপুত্র উপত্যকা

        ই এখন বৃহৎ সমতল । পূৱৰপৰা পশ্চিমলৈ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭২০ কিলোমিটাৰ আৰু উত্তৰৰপৰা দক্ষিণলৈ ই গড়ে ৮০ কিলোমিটাৰমান বহল। সমতলখনৰ এটা মন কৰিবলগীয়া ভূ-প্ৰকৃতি হৈছে এই যে পূবৰপৰা পশ্চিমলৈ ইয়াৰ ঢাল অতি কম । এই সমতলখনেদি উত্তৰৰ হিমালয় আৰু দক্ষিণৰ নগাপাহাৰ, কাৰ্বিপাহৰ, উত্তৰ কাছাৰ পাহাৰ আৰু মেঘালয়ৰপৰা প্ৰায় ৪০ খন ডাঙৰ উপনৈ আহি ব্ৰক্ষ্মপুত্ৰত পৰিছেহি। উত্তৰপাৰৰ প্ৰধান উপনৈ হৈছে- সোৱণশিৰি, ৰঙানৈ, ডিক্ৰং, বুৰৈ, বৰগাং, জীয়া ভৰলু, গাভৰু, জীয়া ধনশিৰি, বৰনদী, পাগলাদিয়া, মানস, চম্পাৱতী, সৰলভাগা, গদাধৰ, সোণকোষ আদি। দক্ষিণ পাৰৰ ঘাই উপনৈসমূহ হৈছৈ- ডিব্ৰু, ডিগাৰু, বুঢ়ীদিহিং, দিছাং, দিখৌ, জাঁজী, ভোগদৈ, কাকডোঙা, ধনশিৰি, কলং, কপিলী, কুলসী, দুধনৈ, কৃষ্ণাই, জিনৰী, জিঞ্জিৰাম আদি। অসমৰ পূবে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰপৰা পশ্চিমে ধুবুৰী জিলাৰ ধুবুৰী মহকুমালৈ এই সমতলখনত ১৮ খন প্ৰশাসনিক জিলা আছে। ইয়াৰ বাহিৰেও সমতলখনত সদ্যগঠিত ৪ খন বড়োলেণ্ড জনজাতীয় স্বায়ত্তশাসিত জিলা আছে। সেইকেইখন হৈছে ওদালগুৰি, বাক্সা আৰু চিৰাং।

বৰাক উপত্যকা

         ই অসমৰ দক্ষিণ অংশত অৱস্থিত। বৰাক নদীৰ পৰাই ইয়াৰ নামটো আহিছে। বৰাক উপত্যকাৰ মূলতঃ তিনিখন জিলা আছে- কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। শিলচৰ ইয়াৰ মুখ্য নগৰ। বৰাক উপত্যকাত ঘাইকৈ বাংলা ভাষাৰ প্ৰচলন আছে।

কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল

         ব্রহ্মপুত্র উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল অৱস্থিত । এই উপত্যকাৰ মূলতঃ তিনিখন জিলা আছে- কাৰ্বি আংলং, ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং । ডিফু এখন বিখ্যাত নগৰ । এই সৰু চহৰখন মানুহৰ মাজত এখন অতি মনোৰম পাহাৰীয়া ঠাই হিচাপে জনপ্ৰিয়

2 Comments

Previous Post Next Post