তােমাক পাতিত পানী, এছিড দ্ৰব্য আৰু ক্ষাৰকীয় দ্রব্য থকা ক্রমে A, B, C, তিনিটা পৰীক্ষা নল দিয়া হৈছে। যদি তােমাক কেৱল নীলা লিটমাছ কাগজ দিয়া হয় তেন্তে তুমি কেনেকৈ পৰীক্ষা নলত থকা দ্রব্যসমূহ চিনাক্ত কৰিবা?
উত্তৰঃ নীল লিটমাছ কাগজ তিনিওটা পৰীক্ষা নলত দিয়া হ’ল। ইয়াৰ যিটো পৰীক্ষা নলত নীল লিটমাছখন ৰঙা হ’ল সেই দ্রব্যখিনি আম্লিক হয়। এতিয়া সেই ৰঙা লিটমাছ বাকী দুটা পৰীক্ষা নলত ডুবাই দিয়াত যিটো পৰীক্ষা নলত লিটমাছখন পুনৰ নীলা হয় সেই দ্রব্যখিনি ক্ষাৰকীয় হ’ব। বাকী থকা A পৰীক্ষা নলত পাতিত পানী থকা বুলি চিনাক্ত কৰা হ’ব।