কামৰূপ জিলা (গ্ৰাম্য) | Kamrup (R) | Kamrup Rural in Assamese

ইতিহাস আৰু নামৰ উৎপত্তি

        পুৰণি আখ্যান মতে দক্ষ ৰজাৰ জীয়ৰী সতীয়ে পিতৃৰ অমত সত্বেও মহাদেৱৰ সৈতে বিবাহ হৈছিল আৰু সেয়ে ৰজা দক্ষই মহাদেৱক চকু পাৰি দেখিব নোৱাৰিছিল এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিছিল কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ নকৰিলে তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত 'লগৈ জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৰ্ত্সনা কৰিবলৈ ধৰিলে স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে সতীৰ মৃত্যুত মহাদেৱ শোকত বলিয়া ' আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমণ কৰি তাণ্ডব নৃত্য আৰম্ভ কৰিবলৈ ধৰিলে কিন্তু বিষ্ণুই বুদ্ধি কৰি মহাদেৱক শান্ত কৰিবৰ বাবে সতীৰ দেহটোক কাটিবলৈ তেওঁৰ  সুদৰ্শন চক্ৰ পঠাই দিলে তাৰ ফলত সতীৰ শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি ' 'তেই এনে অংশ পৰিল, তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল এসময়ত মৃতদেহটো নাইকীয়া ' আৰু মহাদেৱ গভীৰ ধ্যানত মগ্ন ' বহু দিন পাৰ হৈ ' দেৱকুলত হাহাকাৰ লাগিল মহাদেৱ সংহাৰৰ গৰাকী তেওঁৰ অবিহনে পৃথিৱীত কোনো মানুহৰ মৃত্যু নোহোৱা ' কিন্তু ধ্বংস নহ'লে সৃষ্টি কেনেকৈ হব? দেৱতাসকলে প্ৰেমৰ দেৱতা কামদেৱক পৃথিৱীলৈ পঠিয়ালে মহাদেৱৰ ধ্যান ভঙ্গ কৰিবলৈ কামদেৱ আহি মহাদেৱৰ ধ্যান ভঙ্গ ' ধ্যান ভঙ্গৰ প্ৰচণ্ড খঙত তেওঁ তৃতীয় নয়নেৰে অগ্নি বৰষি কামদেৱক ঠিতাতে ভষ্ম কৰি পেলালে কিন্তু কামদেৱৰ পত্নী ৰতিদেৱীয়ে স্বামীক জীয়াই তুলিবলৈ মহাদেৱক কাতৰ প্ৰাৰ্থনা জনোৱাত লাহে লাহে মহাদেৱৰ ক্ৰোধবহ্নি নিৰ্বাপিত ' আৰু কামদেৱক পুনৰ জীৱন দান দিলে যি ভূমিত কামদেৱে পুনৰ্জীৱন বা পুনৰ ৰূপ ঘূৰাই পাইছিল, সেই ভূমি পাছলৈ কামৰূপ নামেৰে জনাজাত হল ।


পুৰণি কামৰূপ জিলাৰ বিভাজন

       ২০০৩ চনত পুৰণি কামৰূপ জিলা দুভাগত বিভক্ত হয় - বৃহত্তৰ গুৱাহাটী অঞ্চলক লৈ এখন নতুন জিলা কামৰূপ মহানগৰ জিলা গঠন কৰা হয় আৰু আনখন কামৰূপ গ্ৰাম্য বুলি নামাকৰণ কৰা হয় । ২০০৪ চনত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ এটা অংশ নৱগঠিত বাক্সা জিলাত অন্তৰ্ভূক্ত হয়। বিভাজনৰ পাছত কামৰূপৰ সদৰ গুৱাহাটীৰ পৰা আমিনগাঁওলৈ স্থানান্তৰিত কৰা হয় ।

ভৌগোলিক বিৱৰণ

       কামৰূপ জিলাৰ অৱস্থান ২৫.৪৬-২৬.৮৯ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯০.৪৮-৯০.৫০ ডিগ্ৰী পূব দ্ৰাঘিমাংশত মাজত। জিলাখনৰ মাটিকালি ৩,১০৫ বৰ্গ কিলোমিটাৰ। জিলাখনৰ গড় বাৰ্ষিক বৃষ্টিপাত ১৫০০-২৬০০ মিলিমিটাৰ আৰু গড় আৰ্দ্ৰতা ৭৫%। উচ্চতম তাপমান ৩৮.৫ ডিগ্ৰী চেলচিয়াচ নিম্নতম ৭ ডিগ্ৰী চেলচিয়াচ ।

চাৰিসীমা

        উত্তৰে - ওদালগুৰি আৰু বাক্সা জিলা

        পূৱে - দৰং আৰু কামৰূপ মহানগৰ জিলা

        দক্ষিণে - মেঘালয়

       পশ্চিমে - গোৱালপাৰা আৰু নলবাৰী জিলা

      কামৰূপ জিলাখনৰ দক্ষিণ অংশেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে । জিলাখনৰ আন আন উপনৈ সমূহ হ'ল পাগলদিয়া, নোনা, বৰলীয়া, পুঠিমাৰী, বৰনদী, কলাজল আৰু কুলসী । কামৰূপ জিলাত ১৯৮৯ চনতে স্বীকৃতি প্ৰাপ্ত দীপৰ বিল অৱস্থিত যিখন ৪.১ বৰ্গ কিলমিটাৰ জুৰি বিস্তৃত । এই জিলাখনত থকা পাহাৰ সমূহতো ভালেমান মূল্যৱান গছগছনি যেনে শাল, তিতাচপা, চিছোঁ, বনচোম, নাহৰ আদি পোৱা যায় ।

প্ৰশাসনিক বিভাগ

      কামৰূপ জিলা দুটা মহকুমাৰে গঠিত: কামৰূপ সদৰ মহকুমা আৰু ৰঙিয়া মহকুমা । কামৰূপ সদৰ মহকুমাৰ ১১টা উন্নয়ন খণ্ডত ১০০ খন গাঁও পঞ্চায়ত আৰু ৰঙিয়া মহকুমাৰ ৩টা উন্নয়ন খণ্ডত ৩৯খন গাঁও পঞ্চায়ত আছে। কামৰূপ জিলাত চহৰৰ সংখ্যা ২খন: ৰঙিয়া আৰু পলাশবাৰী।

বিধানসভাৰ সমষ্টি

      জিলাখনৰ অন্তৰ্গত অসম বিধানসভাৰ সমষ্টিকেইটা হ'ল: বকো (৪৮), ছয়গাঁও (৪৯), পলাশবাৰী (৫০), জালুকবাৰী (৫১), হাজো (৫৫), কমলপুৰ (৫৬), ৰঙিয়া (৫৭)। এই আটাইকেইটা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ।

জনসংখ্যা

      ২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ জিলাৰ জনসংখ্যা ১৫,১৭,৫৪২ জন; ইয়াৰে পুৰুষ ৭৭৮,৪৬১ জন আৰু মহিলা ৭৩৯,০৮১ গৰাকী । মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৪৯ গৰাকী । জন-ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪৮৮.৭ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ১৫.৬৯% । শিক্ষিতৰ হাৰ ৭৫.৫৫%

ধৰ্ম

       এই জিলাত প্ৰধানতঃ হিন্দু, মুছলমান, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মৰ লোকে বাস কৰে । হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কাই জিলাখনৰ ধাৰ্মিক স্থান সমূহৰ গৌৰৱৰ স্থলী যত বছৰি লাখ লাখ পৰ্যটকৰ আগমন হয় ।

ভাষা

        জিলাখনৰ মানুহৰ মুখ্য ভাষা হল অসমীয়া । ইয়াৰ ওপৰিও ঠাই বিশেষে তিৱা আৰু অম্ৰি(কাৰ্বি) ভাষাও কোৱা দেখা যায় ।

অৰ্থব্যৱস্থা

        জিলাখনৰ অৰ্থ ব্যৱস্থাৰ মুখ্য উৎস হল কৃষি । ইয়াত প্ৰধানতঃ ধান খেতি কৰা হয় । জিলাখন কপাহৰ কপাহী কাপোৰ আৰু পলুৰ পৰা ছিল্কৰ কাপোৰ প্ৰস্তুত কৰাটো আগবঢ়া । শুৱালকুচি ইয়াৰ মুখ্য উদাহৰণ । শুৱালকুচিত প্ৰস্তুত হোৱা পাত, মুগা কাপোৰে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ আগত নিজৰ নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হৈছে । তদুপৰি বৰ্তমান সময়ত জিলাখনৰ গৌৰীপুৰ আৰু সাংসাৰি উদ্যোগিক ক্ষেত্ৰত ভালেখিনি আগবাঢ়ি গৈছে । জিলাখনৰ গাৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি বহুতো সৰু-বৰ বেপাৰৰ কেন্দ্ৰস্থল গঢ়ি উঠিছে ।

যাতায়ত ব্যবস্থা

        জিলাখনৰ যাতায়ত ব্যবস্থা অসমৰ আন ঠাইতকৈ ভালেখিনি উন্নত ।

ৰেলপথ: জিলাখনৰ মাজেৰে এটা ৰেলপথ পাৰ হৈ গৈছে আৰু ৰঙিয়াত ইয়াৰ এটা ৰেলস্তেচনও আছে ।

স্থলপথ: কামৰূপ জিলাৰ মাজেৰে তিনিটা ৰাষ্ট্ৰীয় ঘাইপথে পাৰ হৈ গৈছে।

৩১ নং ঘাইপথ: ৰঙিয়া, বাইহাটা চাৰিআলি, আমিনগাঁওৰ মাজেৰে গৈ জালুকবাৰীত ৩৭ নং ঘাইপথত লগ লাগিছে ।

৩৭ নং ঘাইপথ: দক্ষিণ কামৰূপৰ বকো, ছয়গাঁও, মিৰ্জা চুই যোৰহাট, ডিব্ৰুগড় অভিমুখে গৈছে ।

১৫ নং ঘাইপথ: বাইহাটা চাৰিআলিৰ পৰা আৰম্ভ হৈ তেজপুৰ, লখিমপুৰ হৈ ধেমাজি জিলাৰ জোনাইলৈ গৈছে ।

        জিলাখনৰ আন কেইটামান প্ৰধান পথ হৈছে ৰঙিয়া-দৰঙা পথ (ভূটান সংযোগী), বাইহাটা চাৰিআলি-গোৰেশ্বৰ পথ, ৰঙিয়া-ডিমু-চেঁচা পথ, বাইহাটা-ডিমু-কমাৰকুছি পথ, চাংসাৰি-বোৰ্কা-কমলপুৰ পথ।

উল্লেখযোগ্য ঠাইসমূহ

     কামৰূপ জিলাখন পূৰ্বৰে পৰা চকুত লগা জিলা । জিলাখনত থকা উল্লেখযোগ্য ঠাইসমূহ হৈছে:

·         চান্দ সদাগৰৰ মেৰঘৰ: ছয়গাঁওত এতিয়াও মেৰঘৰৰ অৱশেষ দেখিবলৈ পোৱা যায়। ইয়াৰ সৈতে বেউলা-লক্ষীন্দৰৰ উপাখ্যান জড়িত হৈ আছে।

·         মদন কামদেৱ দেৱালয়: বাইহাটা চাৰিআলিৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষ অঞ্চলটোত সিঁচৰতি হৈ আছে। নবম-দশম শতিকামানতে       শৈৱপন্থী পালবংশীয় শাসকে এই স্থাপত্য আৰু ভাস্কৰ্য নিৰ্মাণ কৰিছিল। পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই।

·         সিদ্ধেশ্বৰ দেৱালয়: শুৱালকুছিত অৱস্থিত। আহোম ৰজা শিৱসিংহৰ শাসনকালত নিৰ্মাণ কৰা এটা শিৱ মন্দিৰ।

·         গোপেশ্বৰ দেৱালয়: বাইহাটা চাৰিআলিৰ পৰা দূৰত্ব ২ কিলোমিটাৰ। নৱম-দশম শতিকাকে প্ৰতিষ্ঠিত এই দেৱালয়লৈ দূৰ-দূৰণিৰ পৰা ভক্তসকল আহে। স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষ দেখিবলৈ পোৱা যায়।

·         হয়গ্ৰীৱ মাধৱ মন্দিৰ: হাজোৰ মণিকূট পাহাৰত অৱস্থিত। ১৫৮৩ খৃষ্টাব্দত কোঁচ ৰজা ৰঘূদেৱে নিৰ্মাণ কৰিছিল। কিছুমান ঐতিহাসিকৰ মতে পাল বংশীয় শাসকসকলে প্ৰথমে এই মন্দিৰ নিৰ্মাণ কৰিছিল।

·         দৌল গোবিন্দ মন্দিৰ: উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰ।

·         অশ্বক্লান্ত মন্দিৰ: ১৭২০ খৃষ্টাব্দত আহোম ৰজা শিৱ সিংহই নিৰ্মাণ কৰিছিল। নৰকক বধ কৰিবলৈ আহোঁতে শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা ইয়াতে ক্লান্ত হৈ পৰিছিল বুলি প্ৰবাদ আছে।

·         দীৰ্ঘেশ্বৰী মন্দিৰ: এখন অতি উল্লেখযোগ্য দেৱী তীৰ্থ। উত্তৰ গুৱাহাটীত অৱস্থিত। দশম একাদশ শতিকাৰ কিছুমান শৈল মুৰ্তি এয়াত দেখা যায়।

·         পোৱামক্কা: হাজোত অৱস্থিত। সন্ত গিয়াচুদ্দিন আউলিয়াৰ সমাধিস্থল। মুচলমানসকলৰ এখন পবিত্ৰ তীৰ্থস্থান। অনা-মুচলমানসকলেও শ্ৰদ্ধা সহকাৰে এই তীৰ্থ দৰ্শন কৰে। মক্কাৰ পৰা এপোৱা মাটি আনি ইয়াত দিয়া হৈছিল বাবেই ইয়াৰ নাম পোৱামক্কা হোৱা বুলি কঠিত আছে।

·         চানডুবি বিল: গুৱাহাটীৰ পৰা দূৰত্ব ৬৪ কিলোমিটাৰ। বৰশী বোৱা আৰু নাও চালনাৰ বাবে আকৰ্ষণীয় ঠাই। অতি জনপ্ৰিয় বনভোজস্থলী।

·         শুৱালকুছি: পূবৰ মানচেষ্টাৰ বুলি জনা যায়। পাট-মুগাৰ শিল্পৰ বাবে অতি প্ৰসিদ্ধ। অসমৰ আটাইতকৈ ডাঙৰ গাঁও।

·         শৰাইঘাটৰ যুদ্ধ সোঁৱৰণী উদ্যান: লাচিত বৰফুকন আৰু শৰাইঘাটৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ আজ্ঞাঠুৰীত এই পাৰ্কখন নিৰ্মাণ কৰা হৈছে।

·         দীপ্তেশ্বৰী দেৱালয়: ৰঙিয়াৰ নগৰৰ পৰা কিছু আঁতৰত দীপ্তেশ্বৰী দেৱালয়৷ দীপ্তেশ্বৰীক কামাখ্যাৰ আন এটা ৰূপ বুলিও কোৱা হয়৷ এই দেৱালয়খন মাটিত পোত খাই আছিল বুলি বহু ঐতিহাসিকে মত পোষণ কৰে৷ কামাখ্যাৰ নিচিনাকৈ এই দেৱালয়ৰ গুহাৰ তলেৰে পানী বৈ গৈছে৷ কিছু বছৰ আগেয়ে বংগ দেশৰ বণিক এজনে ইংৰাজৰ দিনৰ জাহাজত ব্যাবহাৰ কৰা চাকি এই দেৱালয়ত দি থৈ যায়৷ সেই চাকিগচা ৫ পোৱা তেলেৰে জলোৱা হয়। বংগদেশৰ বণিকজনক কামাখ্যাদেৱীয়ে সপোনত দেখাইছিল যে বণিকজনে কামাখ্যাধামৰ পৰা ৫৫ কিমি দূৰত থকা দীপ্তেশ্বৰী দেৱালয়ত তেওঁৰ লগত থকা চাকিগচা দি আহিব লাগিব৷ সেই বাবে তেওঁ চাকিগচা দেৱালয়ত দি থৈ যায়৷

 

 

Post a Comment

Previous Post Next Post