কামৰূপ মহানগৰ জিলা | Kamrup Metropolitan | Guwahati | Kamrup Metro in Assamese

চমু পৰিচয় আৰু নামৰ উৎপত্তি

          ২০০৩ চনৰ ফেব্ৰুৱাৰী তাৰিখে পুৰণি কামৰূপ জিলা খনক কামৰূপ মহানগৰ জিলা হিচাপে এখন পৃথক জিলাত বিভক্ত কৰা হয় | নতুনকৈ গঠিত কামৰূপ () জিলা খনৰ মুখ্য কাৰ্যালয় গুৱাহাটীত স্থাপন কৰা হয় | বৰ্তমান সময়ৰ অসম খনক প্ৰাচীন ভাৰতীয় সাহিত্যত কামৰূপ নামেৰে জনাজাত আছিল | জ্যোতিষ শাস্ত্ৰ অনুযায়ী ইয়াক প্ৰাগজ্যোতিষ্পুৰ নামেৰেও জনাজাত আছিল | এসময়ত প্ৰাগজ্যোতিষপুৰ নামেৰে জনাজাত ঠাইখন পিছলৈ গুৱাহাটী নামেৰে পৰিচিত হয় |


        গুৱাহাটী নামটো অসমীয়া শব্দগুৱাঅৰ্থাৎ তামোল আৰুহাটঅৰ্থাৎ বজাৰ উৎপত্তি হৈছে| কিংবদন্তি মতে, অসুৰৰ ৰজা নৰকাসুৰে এই পৌৰাণিক নগৰখন প্ৰতিষ্ঠা কৰিছিল | গুৱাহাটীৰ আকৰ্ষণৰ আন এটা কেন্দ্ৰ বিন্দু হৈছে পুৰণি কামৰূপ, দেৱী সতীৰ দেহৰ এক গুৰুত্বপূৰ্ণ অংগ খহি পৰিছিল আৰু প্ৰেমৰ দেৱতা কামদেৱৰ জন্ম স্থান আছিল | পিছলৈ দেৱী সতীৰ অংগ খহি পৰা নীলাচল পাহাৰৰ এই ঠাইখিনিত কামাখ্যা মন্দিৰ স্থাপন কৰা হয় | বিভিন্ন ধৰ্মমূলক গ্ৰন্থ তথা  সংস্কৃত মহাকাব্য আৰু লগতে মহাভাৰতত প্ৰাগজ্যোতিষপুৰৰ বিষয়ে সঘনে বৰ্ণনা কৰা হৈছে | জিলাখন এসময়ত দুই শক্তিশালী ৰাজ্য ক্ৰমে আহোম আৰু কোচ ৰাজ্যৰ মাজত অৱস্থিত আছিল | মোগল আৰু কোচ ৰজাই এই ৰাজ্যত ক্ষমতা স্থাপনত বিফল হৈছিল যদিও আহোম ৰজাই ইয়াৰ সামৰিক আৰু প্ৰশাসনিক দায়িত্ব  প্ৰদান কৰিছিল বৰফুকনক |

        বৰ্তমান গুৱাহাটী নগৰ খনক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ  মুখ্য দুৱাৰ বুলি কোৱা হয়| অসমৰ বাণিজ্যৰ মুখ্য কেন্দ্ৰ বিন্দু তথা উত্তৰ-পূৱ ভাৰতৰ খন ৰাজ্য যেনে-অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাৰ মুল যোগসূত্ৰ |

অৱস্থানঃ

        কামৰূপ(মহানগৰ) জিলাৰ অৱস্থানঃ- ২৫.৪৩- ২৬.৫১ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯০.৩৬-৯২.১২ ডিগ্ৰী পূৱ দ্ৰাঘিমাংশত অৱস্থিত| কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটী মহানগৰত অৱস্থিত। জিলাখনে মুঠ ৯৫৫ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে ।

চাৰিসীমা:

     পূৱে - মৰিগাঁও জিলা

     পশ্চিমে - কামৰুপ গ্ৰাম্য জিলা

     উত্তৰে - কামৰুপ গ্ৰাম্য জিলা

     দক্ষিণে - মেঘালয় ৰাজ্য

জলবায়ু

       গ্ৰীষ্মকালত জিলাখনৰ তাপমাত্ৰা সৰ্ব্বোচ্চ ৩৭°-৩৯°ডিগ্ৰী ছেলছিয়াচলৈকে উঠে আৰু শীতকালত নিম্নতম °-° ছেলছিয়াচলৈ নামে | গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ হয় | জিলাখনত বছৰি বৰষুণৰ হাৰ গঢ়ে ১৫০০ মি:মি: পৰা ২৫০০ মি:মি: হয় | জিলাখনত গঢ় আৰ্দ্ৰতা ৭৬% শতাংশ |

চৰকাৰ

লোকসভা সমষ্টি  - গুৱাহাটী

বিধানসভা সমষ্টি - জালুকবাৰী (৫১), দিশপুৰ (৫২), পূব গুৱাহাটী (৫৩), পশ্চিম গুৱাহাটী (৫৪)

নদ-নদী:

      কামৰূপ মহানগৰ জিলাৰ মুখ্য নদ-নদী সমূহ -ব্ৰহ্মপুত্ৰ, ভৰলু, ডিগাৰু আৰু কলং |

ৰাষ্ট্ৰীয় ঘাইপথ সমূহ:

         ৩৭ ন্ং ৰাষ্ট্ৰীয় ঘাইপথ – বৰঝাৰ বিমান বন্দৰৰ পৰা যোৰাবাটলৈ |

ৰাজ্যিক ঘাইপথ সমূহ:

·         নাৰেংগী তিনিআলিৰ পৰা গোবৰ্ধন বজাৰলৈ প্ৰায় ১৭.৬ কিলোমিটাৰ দীঘ্ল ৰাজ্যিক ঘাইপথ

·         চমতাপথাৰ তিনিআলিৰ পৰা কলংপাৰলৈ প্ৰায় ১০.৬ কিলোমিটাৰ দীঘ্ল ৰাজ্যিক ঘাইপথ

 

জনসংখ্যা:

      ২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা ১২,৬০,৪১৯ গৰাকী জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ মুঠ ৭২০ খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৩৮৪তম জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ,৩১৩ জন ২০০১-২০১১ চনৰ কলছোৱাত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৮.৩৪% কামৰূপ মহানগৰ জিলাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩৬ গৰাকী আৰু জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৮.৭১%

শিক্ষা

        শিক্ষাৰ ক্ষেত্ৰত কামৰূপ মেট্ৰ পলিটান জিলাখন নাম উজ্বলাএই জিলাত খন বিশ্ববিদ্যালয় আৰু এক শতাধিক সৰু বৰ মহাবিদ্যালয়ৰ লগতে ভালেমান বিখ্যাত বিখ্যাত বিদ্যালয় সমূহ অৱস্থিত

জিলাখনৰ প্ৰধান ঠাই সমূহ

মা কামাখ্যা মন্দিৰ

       কামাখ্যা মন্দিৰ গুৱাহাটীৰ পৰা প্ৰায় কিলোমিটাৰ আঁতৰত নিলাচল পাহাৰত অৱস্থিত এখন শক্তিপীঠঅম্বুবাচী মেলা এই শক্তিপীঠত বছৰি পালন কৰা এটা মুখ্য উৎসৱ যতসমগ্ৰ ভাৰতবৰ্ষৰ লগতে আন আন দেশ বিদেশৰ ভক্ত সমাজ আহি এই মেলাৰ শোভাবৰ্ধন কৰেঅম্বুবাচী মেলাৰ ওপৰিও এই মন্দিৰত দুৰ্গা পূজা, দুৰ্গা দেউল আৰু মদনদেউল, মনসা পূজা, বাসন্তী পূজা আদি উৎসৱ সমূহ উদযাপন কৰা হয়ৰাজ্যিক চিৰিয়াখানাগুৱাহাটী চহৰৰ আৰ.জি বৰুৱা পথৰ কাষতে এখন ৰাজ্যিক চিৰিয়াখানা অৱস্থিত যি দৈনিক পৰ্যটকৰ আগমন স্থলীএই চিৰিয়াখানা খন প্রায় ১৩০ হেক্টৰ জুৰি বিস্তৃতএইখনেই একমাত্ৰ চিৰিয়াখানা যত প্ৰাকৃতিক হাবি বনৰ মাজত জীৱ জন্তু সমূহক ৰখা হয়

শৰাইঘাট দলং

     শৰাইঘাট দলং অসমৰ প্ৰথমখন দলং যত ৰেলপথ আৰু স্থলপথ একেলগে অৱস্থিতশৰাইঘাট দলঙে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ আন আন অংশৰ লগত সংযুক্ত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে২০১৬ চনত পুৰণি দলং খনৰ ঠিক কাষতে এখন নতুন দলং নিৰ্মাণ কৰি উলিওৱা হয়এই দলং দুখন প্ৰায় . কিলোমিটাৰ দীঘল

উমানন্দ মন্দিৰ

     গুৱাহাটীৰ মাজেৰে পাৰ হৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ বুকুতে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ অৱস্থিত আৰু এটা মন্দিৰ হিচাপে পৰিচিতএই মন্দিৰত ভগৱান শিৱক আৰাধনা কৰা হয়শিৱৰাত্ৰিৰ সময়ত এই মন্দিৰত অগণন ভকতৰ সমাগম হয়

বশিষ্ট আশ্ৰম

     গুৱাহাটীৰ সন্ধ্যাচল পাহাৰত বশিষ্ট আশ্ৰম অৱস্থিত১৮ শতিকাৰ মাজভাগত অসম ৰজা ৰাজেশ্বৰ সিংহই ইয়াক নিৰ্মাণ কৰিছিলএই আশ্ৰম খনত সন্ধ্যা, কান্তা আৰু ললিতা এই তিনিখন নদীৰ মিলন স্থল

অসম ৰাজ্যিক সংগ্ৰাহালয়

      গুৱাহাটীৰ ঐতিহাসিক দীঘলীপুখুৰীৰ দক্ষিণ পাৰত থকা অসম ৰাজ্যিক সংগ্ৰাহালয়ে সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ শিল্প কলা সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰি আহিছে১৯৪০ চনত নিৰ্মিত এই সংগ্ৰাহালয়ত খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা দেৱ-দেৱীৰ মূৰ্তিৰ ভগ্নাৱশেষ সমূহো সংৰক্ষিত অৱস্থাত আছে

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

      ১৯৯০ চনত নিৰ্মাণ কৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীৰ পৰ্যটন স্থলী সমূহৰ ভিতৰত অন্যতমঅসমৰ কলা সংস্কৃতি সংৰক্ষণ আৰু বিশ্বৰ দৰবাৰলৈ ইয়াক লৈ যাবলৈ এই কলাক্ষেত্ৰৰ স্থাপন কৰা হৈছিলএইখন গুৱাহাটীৰ শ্বিলং পথৰ পাঞ্জাবাৰীৰ কাষত অৱস্থিত

শুক্ৰেশ্বৰ মন্দিৰ

       শুক্ৰেশ্বৰ মন্দিৰ শুক্ৰেশ্বৰত অৱস্থিত যত ভগৱান শিৱক আৰাধনা কৰা হয়লোকবিশ্বাস মতে মৃত্যুৰ পিছত এই মন্দিৰত শেষ কৃতাৰ্থ সম্পন্ন কৰিলে ঈশ্বৰ প্ৰাপ্তি হয়১৭৪৪ চনত আহোম ৰজা প্ৰমত্ত সিংহই ইয়াক নিৰ্মাণ কৰিছিল

 

Post a Comment

Previous Post Next Post