অসমীয়া দৈনিক খবৰ ২ জুলাই ২০২০

অসমীয়া দৈনিক খবৰ ২ জুলাই ২০২০

ম’বাইল উৎপাদনত দ্বিতীয় বৃহত্তম দেশ ভাৰত


ম’বাইল উৎপাদনত বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ হিচাপে ভাৰতে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷
বিগত পাঁচ বছৰৰ ভিতৰত দেশত ২০০তকৈ অধিক ম’বাইল ফোন নির্মাণ কৰা গোট স্থাপন কৰা হৈছে৷
২০১৪ চনৰ তুলনাত ২০১৯ চনলৈকে ম’বাইল ফোন উৎপাদনকাৰী কোম্পানীৰ গোট ২০০ শতাংশ বৃদ্ধি পাইছে৷
চলিত বিত্তীয় বর্ষত ৩৩০ নিযুত ম’বাইল ফোন উৎপাদন কৰা হৈছে আৰু এই ম’বাইল হেণ্ডছেটৰ মূল্য প্রায় ৩০ নিযুত মার্কিন ডলাৰ৷

ক’ভিড–১৯ৰ বাবে ভাৰতৰ ৮৪% পৰিয়ালৰ মাহিলি উপার্জন হ্রাস


ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ ২৪ মার্চত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লকডাউন ঘোষণা কৰাৰ পাছৰে পৰা ১০ কোটিতকৈ অধিক ভাৰতীয় লোকে বিভিন্ন পৰ্যায়ত জীৱিকা হেৰুৱাবলগীয়া হৈছে  ৷
বিশেষকৈ লকডাউনৰ সময়ছোৱাত উৎপাদন ক্ষেত্রসমূহ বন্ধ হৈ পৰাৰ লগে লগে ইয়াত নিয়োজিত কেইবাকোটি শ্রমিক তাৎক্ষণিকভাৱে কর্মহীন হৈ পৰে ।
ইয়াৰ পৰৱর্তী মাহটোত ভাৰতৰ ৮৪ শতাংশ পৰিয়ালৰ উপার্জন অভাৱনীয়ভাৱে হ্রাস পাবলৈ ধৰে ৷
চি এম আই ইয়ে প্রকাশ কৰা প্রতিবেদনতো লকডাউনৰ সময়ত দেশৰ কেইবাকোটি লোক জীৱিকাৰ সংকটৰ সন্মুখীন হোৱা বুলি গম পোৱা গৈছে ।
লকডাউনৰ সময়ত আটাইতকৈ বেছি ক্ষতিগ্রস্ত ৰাজ্যকেইখন হল ত্রিপুৰা, ছত্তিশগড়, বিহাৰ, ঝাৰখণ্ড, হাৰিয়ানা ।


 ১ জুলাইৰ পৰা দেশত UNLOCK-2.0


১ জুলাইৰ পৰা দেশত UNLOCK-2.0 আৰম্ভ হৈছে । ইয়ৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে । 
সেই অনুসৰি ৩১ জুলাইলৈ স্কুল-কলেজ, চিনেমা হল, জীম, ছুইমিং পুল, পাৰ্ক আৰু বাৰ বন্ধ থাকিব আৰু লগতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাও বন্ধ থাকিব।
কন্টেইমেণ্ট জ’ন সমূহতো ৩১ জুলাইলৈ লক ডাউন অব্যাহত থাকিব। মেট্ৰ’ ৰে’লসমূহৰ সেৱাও বন্ধ থাকিব। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে সঘনে হাত পৰিস্কাৰ কৰি থাকিবলৈ চৰকাৰে আহ্বান জনায়।


খানাপাৰাত ৯০০খন বিচনাযুক্ত ক’ভিড চিকিৎসালয় মুকলি


স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত ৯০০ বিছনা যুক্ত ক’ভিড হাস্পতাল মুকলি কৰে।
এই চিকিৎসালয়খনত ৰোগীৰ বাবে সংলগ্ন বাথৰূমৰ সৈতে পৃথক কোঠা আছে ৷
এই চিকিৎসালয়খনে অসমৰ চিকিৎসা সামৰ্থ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ৷






Post a Comment

Previous Post Next Post