ক'ৰ'ণা মহামাৰী ৰচনা | ক'ভিড-১৯ মহামাৰী | Covid-19 in Assamese
আৰম্ভণি
২০১৯ চনৰ পৰা বিশ্বজুৰি আৰম্ভ হোৱা ক'ভিড-১৯ মহামাৰীৰ কাৰক হ'ল SARS-CoV-2 যি ২০১৯ বৰ্ষত চীনৰ হুবেই প্ৰান্তৰ ৱুহান চহৰত প্ৰথম চিনাক্ত হৈছিল। ২০২০ বৰ্ষৰ ১১ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই এই ঘটনাক বৈশ্বিক মহামাৰী হিচাপে ঘোষণা কৰিছে । ২০৯খন ৰাষ্ট্ৰ আৰু উপনিৱেশ এই প্ৰকোপৰ কবলত পৰিছে, ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, স্পেইন, চীন, কোৰিয়া আৰু ইৰাণত ইয়াৰ প্ৰভাৱ সৰ্বাধিক।
লক্ষণসমূহ
এই ৰোগৰ সাধাৰণ লক্ষণ সমূহ হ'ল জ্বৰ, কাহ, ভাগৰ লগা, উশাহ লওঁতে কষ্ট হোৱা, আৰু গোন্ধ আৰু সোৱাদ হেৰোৱা । অধিকাংশতে ৰোগীৰে অলপীয়া লক্ষণ দেখা যায় যদিও একাংশৰ চাইট'কাইন ষ্টৰ্ম, দেহৰ অংগসমূহ বিকল হোৱা, ছেপ্টিক শ্বক, ৰক্ত আতঞ্চনৰ পৰা একিউট ৰেছ্পিৰেটৰী ডীষ্ট্ৰেছ ছীণ্ড্ৰ'ম (ARDS) হয়গৈ । ভাইৰাছৰ আক্ৰমণৰ পৰা লক্ষণ ওলাবলৈ সাধাৰণতে পাঁচ দিন লাগে, কিন্তু দুইৰ পৰা চৈধ্য দিন পৰ্যন্ত হ'ব পাৰে।
চিকিৎসা
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে COVID-19 ৰ কোনো নিৰ্দিষ্ট প্ৰতিষেধক বা এণ্টিভাইৰেল ঔষধ নাই । লক্ষণগত চিকিৎসা, সামৰ্থক শুশ্ৰূষা, ৰোগীক আঁতৰাই ৰখা (isolation) আৰু পৰীক্ষামূলক ঔষধেই ইয়াৰ বৰ্তমানৰ চিকিৎসা । বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ৩০ জানুৱাৰীত কৰ'না ভাইৰাছ মহামাৰীক আন্তঃৰাষ্ট্ৰীয় আশংকাৰ ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থা (Public Health Emergency of International Concern - PHEIC) বুলি ঘোষণা কৰে[32][33] আৰু একে বছৰৰে ১১ মাৰ্চত বৈশ্বিক মহামাৰী (pandemic) বুলি ঘোষণা কৰে। ছয়োটা WHO অঞ্চলৰ অন্তৰ্ভুক্ত বহু দেশত ৰোগবিধৰ স্থানীয় সংক্ৰমণৰ প্ৰমাণ পোৱা গৈছে।
সঞ্চাৰণ
যেতিয়া দুজন মানুহ নিকট সংস্পৰ্শলৈ আহে আৰু সংক্ৰমিত লোকজনে (লক্ষণযুক্ত বা অলাক্ষণিক) কাহ মাৰিলে, হাঁচি মাৰিলে, কথা ক'লে বা গান গালে ওলোৱা সৰু কণিকা বা ড্ৰপ্লেটবোৰ সুষ্ঠ লোকজনৰ উশাহত প্ৰৱেশ কৰিলে ক'ভিড-১৯ বিয়পে। বিশ্ব স্বাস্থ্য সংস্থাই 1 মিটাৰ (3 ফুট) সামাজিক দূৰত্বৰ অনুমোদন জনায়; CDC য়ে এই দূৰত্ব 6 ফুট (2 মিটাৰ) হ'ব লাগে বুলি কয়। লক্ষণ নথকা মানুহেও ভাইৰাছ সোঁচৰাব পাৰে কিন্তু এনে ঘটনা কিমান তাৰ তথ্য নাই। এটা সূত্ৰৰ মতে সংক্ৰমিত কিন্তু লক্ষণ নথকা ব্যক্তিৰ হাৰ ৪০% ।প্ৰতিৰোধৰ ব্যৱস্থা
এই ৰোগ সংক্ৰমণৰ প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ ভিতৰত ঘৰৰ ভিতৰতে থকা, জনসমাগম হোৱা ঠাইসমূহ এৰাই চলা, চাবোন আৰু কুহুমীয়া পানীৰে কমেও ২০ চেকেণ্ড ধৰি হাত ধোৱা, শ্বাস-প্ৰশ্বাস সম্পৰ্কীয় স্বাস্থ্যসন্মত বিধিসমূহ মানি চলাৰ লগতে অপৰিষ্কাৰ হাতেৰে চকু, নাক বা মুখ স্পৰ্শ নকৰা ইত্যাদিসমূহ অন্তৰ্ভুক্ত। চেণ্টাৰ ফৰ ডিজিজ ক'ণ্ট্ৰল বা চমুকৈ চিডিচিয়ে কাহোঁতে বা হাঁচিয়াওঁতে এখন টিছ্যুৰে মুখ আৰু নাক ঢাকি ল'বলৈ আৰু টিছ্যুৰ অবিহনে কিলাকুটিৰ ভিতৰভাগ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। কাঁহ বা হাঁচি মৰাৰ পিছত হাত পৰিষ্কাৰ কৰাৰ স্বাস্থ্যসন্মত বিধিসমূহ সঠিকভাৱে মানি চলিবলৈয়ো তেওঁলোকে পৰামৰ্শ আগবঢ়ায়। সামাজিক দূৰত্ব বজাই ৰখাৰ কাৰ্যপ্ৰণালীসমূহ যেনে শিক্ষানুষ্ঠান-কাৰ্যালয়ৰ কাম-কাজ স্থগিতকৰণ, ভ্ৰমণত বাধা আৰোপ আৰু জনসমাগম বাতিল কৰাৰ যোগেদি সংক্ৰমিত লোকৰ সৈতে সৰহীয়া মানুহৰ সংস্পৰ্শ কমাবলৈ যত্ন কৰা হয়।কৃত্ৰিম শ্বাস-প্ৰশ্বাস
এই ৰোগত আক্ৰান্ত বেছিভাগ ৰোগীয়েই কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ সুবিধা ল'বলগীয়াকৈ জটিল নহয় যদিও কিছু শতাংশ ৰোগীৰ ক্ষেত্ৰত ই জৰুৰী হৈ পৰে। কেনেডাৰ কিছু সংখ্যক চিকিৎসকে বতাহত বিয়পিব পৰা জীৱাণুৰ সংক্ৰমণ প্ৰতিহত হয় বুলি কৃত্ৰিম শ্বাস-প্ৰশ্বাস প্ৰণালীৰ ওকালতি কৰে। এনেকুৱা জটিলতা ঘাইকৈ বয়সস্থ (ষাঠি বছৰৰ ঊৰ্ধ্ব অথবা অশীতিপৰ)ৰোগীসকলৰ ক্ষেত্ৰত হে হোৱা দেখা যায়। চীনদেশত হোৱা এক অধ্যয়নত দেখা গৈছে যে সৰ্বমুঠ ৰোগীৰ ৫% আই.ছি.ইউ.ত ভৰ্ত্তিকৰিবলগীয়া হৈছে, ২.৩%ক কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাসপ্ৰদান কৰিবলগীয়া হৈছে আৰু ১.৪% ৰোগীৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত বৰ্তমান প্ৰতিটো ভেণ্টিলেটৰেই অতীৱ মূল্যৱান কাৰণ এক সূত্ৰৰ মতে মুঠ ৰোগীৰ এক-তৃতীয়াংশক এনে কৃত্ৰিম শ্বসন প্ৰণালীৰ আৱ্শ্যকতা হ'ব পাৰে।
গৱেষণা
SARS-CoV-2ভাইৰাছৰ সংক্ৰমণ আৰু বিকাশৰ ক্ষেত্ৰত থকা প্ৰধান ভূমিকাৰ বাবে, "Angiotensin-converting enzyme 2, ACE2" ক কেন্দ্ৰ কৰি কিছুমান গৱেষণাৰ সম্ভাৱনা সৃষ্টি হৈছে। তদুপৰি, কেতবোৰ ঔষধসংক্ৰান্তিয় উপদেশো আগবঢ়োৱা হৈছে। ব্যক্তিগত পৰ্যায়ৰ স্বচ্ছতা, স্বাস্থ্যবিধি আৰু স্বাস্থ্যসন্মত জীৱন-প্ৰণালীক প্ৰতিৰোধী ক্ষমতা বঢ়োৱাৰ উপায় হিচাপে বিবেচনা কৰা হৈছে।
তথ্য-প্ৰযুক্তি
২০২০ চনৰ ফেব্ৰুৱাৰীত চীনে এটা মোবাইল এপ মুকলি কৰি দিয়ে, য'ত এই ৰোগৰ তথ্য উপলদ্ধ হয়। ইয়াত ব্যৱহাৰ কৰ্তাৰ নাম আৰু আই ডি নম্বৰ অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হয়। এই এপটোৰ জৰিয়তে সংক্ৰমণৰ সম্ভাৱনা থকা ওচৰ সম্পৰ্কীয় এপ ব্যৱহাৰকৰি লোক সকলক সহজে চিনাক্ত কৰিব পাৰে। আনহাতে কোনো এজন উপভোগকৰ্তাই অন্য তিনিজন ব্যক্তিৰ ৰোগ সম্পৰ্কীয় স্থিতি নিজেই চাই জানিব পাৰে। যদিহে কোনো ব্যক্তি সম্ভাব্য বিপদত পৰিব বুলি জনা যায় তেন্তে এই এপটোৱে ব্যক্তিজনক স্ব-গৃহবন্দীত্ব মানিবলৈ নিৰ্দেশ দিয়া হয় আৰু ওচৰৰ স্বাস্থ্যকৰ্মীৰ তত্ত্বাৱধানত ৰখা হয়।
Tags
ৰচনা