হীৰেন ভট্টাচাৰ্য - অসমৰ কবি-সাহিত্যিক

হীৰেন ভট্টাচাৰ্য - অসমৰ কবি-সাহিত্যিক

হীৰেন ভট্টাচাৰ্য: অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি

আৰম্ভণি

অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি সকলৰ ভিতৰত হীৰেন ভট্টাচাৰ্য অন্যতম । তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। 

হীৰেন ভট্টাচাৰ্যদেৱৰ জন্ম:

তেখেতৰ জন্ম হয় ১৯৩২ চনত অসমৰ যোৰহাটত। পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। তেখেতৰ পিতৃ এজন জেইলাৰ আছিল। পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষাজীৱন ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ কেইবাখনো চহৰত অতিবাহিত হৈছিল ।
 
 

হীৰেন ভট্টাচাৰ্যদেৱৰ শিক্ষা জীৱন:

ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ এম.ই. স্কুলত হীৰেন ভট্টাচাৰ্যৰ পঢ়াশলীয়া জীৱন আৰম্ভ হয়। পিছে তাত শিক্ষা শেষ নৌহওঁতেই দেউতাক পুনৰ বদলি হয় তেজপুৰলৈ। সেয়েহে তেওঁ শিক্ষা শেষ হয় তেজপুৰত। অকল তেজপুৰেই নহয়, মঙলদৈ, গোলাঘাট, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত তেওঁ শিক্ষাগ্ৰহণ কৰিছিল। ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত বি. বৰুৱা কলেজত নামভৰ্তি কৰে। 
 

হীৰেন ভট্টাচাৰ্যদেৱৰ ল'ৰালি কাল:

ল'ৰালিৰ কালছোৱাত হীৰেন ভট্টাচাৰ্যৰ এটা প্ৰিয় কাম আছিল শাক-পাচলি ৰোৱা আৰু ফুলৰ খেতি কৰা। দেউতাক জেইলাৰ হোৱাৰ বাবে তেওঁ জেলৰ ভিতৰত প্ৰিয় কামখিনি কৰি থাকিবলৈ সুবিধা পাইছিল। কিন্তু পঢ়া-শুনা, ঘৰুৱা কাম-কাজ আদি কৰাৰ পাছতো তেওঁ বেছিভাগ সময় আনমনা, অস্থিৰ আৰু কেতিয়াবা বিমৰ্ষ আছিল। বন্ধুহঁতে হৈ-হাল্লা কৰি উৎফুল্ল হৈ থকা সময়ত তেওঁ দূৰণিৰপৰাই সেই দৃশ্য চাই থাকে নাইবা ঘৰৰ এচুকত চকী এখনত মনে মনে বহি থাকে। কেতিয়াবা আঁঠুটোতে মূৰটো গুজি থয়।
 

হীৰেন ভট্টাচাৰ্যদেৱৰ চাকৰিকাল:

১৯৬৪ চনত হীৰেন ভট্টাচাৰ্য বোৰ্কালৈ যায়। কোনোবা এজনৰ পৰা লাভ কৰা খবৰ অনুসৰি, বোৰ্কা হাইস্কুলত শৰৎচন্দ্ৰ গোস্বামী আছে। গতিকে হীৰেন ভট্টাচাৰ্যৰো তাতেই শিক্ষকৰ চাকৰি এটা হ'ব। বোৰ্কাত সাংবাদিক আৰু গল্পকাৰ সদা শইকীয়াই নিজৰ কোঠালিতে তেওঁক ৰখোৱাৰ ব্যৱস্থা কৰি দিলে। হীৰেন ভট্টাচাৰ্যই বোৰ্কাত এবছৰ শিক্ষকতা কৰিলে। পিছৰ বছৰ তেওঁ ঘৰলৈ উভতি আহিল বোৰ্কাৰ চাকৰি বাদ দি তেওঁ কিছুদিনৰ বাবে কাপোৰৰ দোকান এখনত ছেলছমেনৰ চাকৰিও কৰিছিল। 

বিভিন্ন সংঘ আৰু সংগঠনৰ লগত হীৰেন ভট্টাচাৰ্য:

তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়তেই অসমত গণনাট্য সংঘৰ প্ৰভাৱ প্ৰতিফলিত হৈছিল। ১৯৫৪ চনৰ পৰা তেওঁ গণনাট্য সংঘৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। গুৱাহাটী মহানগৰীৰ কাৰ্যকৰী সমিতিৰো তেওঁ এজন সদস্য হৈ পৰে। বামপন্থী ধাৰাৰ বাহক হিচাপে গণনাট্য সংঘৰ ভূমিকা আৰু কাৰ্যপ্ৰণালীয়ে সেইসময়ৰ প্ৰায় সকলো লেখক আৰু শিল্পীকে একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। সেই বাতাৱৰণৰ ফলত এখন মঞ্চৰ সৃষ্টি হৈছিল। বিশিষ্ট শিল্পী হেমাংগ বিশ্বাস আছিল এইখন মঞ্চৰ অন্যতম চালিকা শক্তি। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, দিলীপ শৰ্মা, সুদক্ষিণা হাজৰিকা, হীৰেন চৌধুৰী, জয়ন্ত বৰুৱা আৰু হীৰেন ভট্টাচাৰ্যৰ সক্ৰিয় সহযোগে এই অনুষ্ঠানক এক নতুন গতি প্ৰদান কৰিছিল। ১৯৬২ চনত বেণু মিশ্ৰ এইখন মঞ্চৰ সদস্য হয়। 
 

হীৰেন ভট্টাচাৰ্যদেৱৰ সাহিত্যিক অৱদান:

বহু কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত। ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়। ইয়াৰ পিছত বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ'দ (১৯৭৬) আৰু তোমাৰ গান (১৯৭২) সংকলনকেইখন প্ৰকাশ পায়। কবিৰ সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন ১৯৮১) আৰু শইচৰ পথাৰ মানুহ (সংগ্ৰহীত কবিতা ১৯৯১), মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জ্বল দিশ । ভট্টাচাৰ্যৰ সৰু সৰু কবিতা কিছুমানৰ মাজত থকা এটা সুৰ এটা লয়ৰ কাৰণে পাঠকৰ মনৰ মাজত গভীৰ সাঁচ বহুৱায়।

হীৰেন ভট্টাচাৰ্যদেৱৰ প্ৰকাশিত কাব্য-সংকলনসমূহ হ'ল:

  • মোৰ দেশ মোৰ প্ৰেমৰ কবিতা
  • বিভিন্ন দিনৰ কবিতা
  • কবিতাৰ ৰ'দ
  • সুগন্ধি পখিলা
  • শইচৰ পথাৰ মানুহ
  • মোৰ প্ৰিয় বৰ্ণমালা
  • ভালপোৱাৰ বোকা-মাটি
  • ভালপোৱাৰ দিক্‌চৌ বাটেৰে
  • বাচকবনীয়া কবিতা
  • সুগন্ধি শিপা
  • শিপাৰ পৰা পাতলৈ
  • কেইটামান গান
  • জোনাকী মন ও অন্যান্য (বঙালী)
  • শস্যেৰ মাঠ ও অন্যান্য (বঙালী) 

 

হীৰেন ভট্টাচাৰ্যদেৱৰ শিশুৰ বাবে ৰচনা কৰা সংকলনসমূহ হ'ল:

  • ল'ৰা ধেমালি
  • আকৌ ধেমালি
  • ৰৈ ৰৈ ধেমালি

 

হীৰেন ভট্টাচাৰ্যদেৱৰ মৃত্যু:

২০১২ চনৰ চাৰি জুলাই তাৰিখে হীৰেন ভট্টাচাৰ্যই গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে। 

 

হীৰেন ভট্টাচাৰ্যদেৱৰ বঁটা আৰু পুৰস্কাৰ সমূহ:

তেওঁৰ সাহিত্য কৰ্মৰ ওপৰত শ্ৰদ্ধা জনাই তেখেতক নিম্নোক্ত বঁটাসমূহৰে সন্মান জনোৱা হয়:

  • ১৯৭৬-'বিভিন্ন দিনৰ কবিতা' গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা।
  • ১৯৮৫- 'সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা, ভাৰতীয় বিদ্যা ভৱনৰ বালাজী সাহিত্য বঁটা।
  • ১৯৮৭- 'সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে চোভিয়েট দেশ নেহেৰু বটাঁ।
  • ১৯৯২- 'শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা, উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ 'সৌহাদ্য সন্মান'।
  • ১৯৯৩- 'শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ 'বজালিনী বঁটা'।
  • ২০০০- উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ 'অসম উপত্যকা সাহিত্য বঁটা'।
  • ২০০৯- অসম চৰকাৰৰ গণেশ গগৈ বঁটা।
  • ২০১২- মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেচনৰ পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ।

 

 

Post a Comment

Previous Post Next Post