বৰগীতটিৰ মূলভাৱ লিখা।

বৰগীতটিৰ মূলভাৱ লিখা।

উত্তৰঃ  বৰগীতটিৰ মূলভাৱ হৈছে হৰিয়েই ভকতৰ জীৱনৰ সবস্ব, তেঁৱেই সকলোৰে পৰম বান্ধৱ তেঁওৰ অভয় চৰণত শৰণেৰে সংসাৰ নিকাৰৰ পৰা মুক্তিদানৰ কাকুতি

        কবি সংসাৰিক মুখৰ থলীৎ এই সংসাৰৰ সকলো যন্ত্ৰণাৰ উৎস সাংসাৰিক মায়াই জীৱক বিষয় মুখত নিমগ্ন কৰে আৰু জীৱ নানা পাপকমৎ ৰত হয় আৰু জীৱন এনেদৰে হৈ পৰে যন্ত্ৰণাদায়ক মৃত্যু পযন্ত জীৱই ভোগ কৰে সংসাৰৰ যন্ত্ৰণা দূখ যন্ত্ৰণাত জীৱই যি কোনো এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰি ঘূৰে আত্মপোলব্ধিৰে বুজি উঠে যে এই সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল শ্ৰী হৰিয়ে কবিৰ ক্ষেত্ৰতো  এই একেটা কথাই প্ৰযোজ্য

          হৰিৰ মহিমা অপাৰ সনক, সনন্দ সিদ্ধ মহামুনিগণেও হৰিৰ মহিমা বুজিবৰ বাবে গভীৰ ধ্যানত নিমগ্ন হৈছিল তেওঁৰ প্ৰকৃত মহিমা কৈ ওৰ পেলাব নোৱাৰিলে নিগম শাস্ত্ৰসমূহেও যি অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী সেই নাগৰ সহস্ৰ মুখেত তেওঁৰ মহিমা বণনা কৰি শেষ কৰিব নোৱাৰে জ্ঞানীলেোক সকলে চলাথ কৰিও বিচাৰি নোপোৱা শ্ৰী হৰিৰ ওচৰ পেটো অসাধ্য কাম বিষয় বিকলত আতুৰ হৈ কই পোৱা মানুহেও আনকি তেওঁৰ চৰণকমলত আশ্ৰয় লৈ সেই কণ্ঠৰ পৰা মুক্তি লাভ কৰে হৰিৰ চৰণযুগল হল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হল জীৱন স্বৰূপ হৰিৰ কৃপা লাভ কৰিব পাৰিলে এই সংসাৰৰ মানুহে মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে

             মহাপুৰুষজনাৰ দাস্যভক্তি কবিতাটোত হৰিৰ মহিমাৰ বিষয়ে সুন্দৰভাৱে ফুটি উঠিছে


দশম শ্ৰেণীঅসমীয়া প্ৰশ্নৰ উত্তৰ "বৰগীত"

) ''......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে  '' কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে  কাক অনুৰোধ কৰিছে ?

) ''......সনক সনন্দ যোগী  যাহাকু  ধিয়ায়   '' সনক ,  সনন্দ  আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে 

(কবি কিহত আতুৰ হোৱা বুলি কৈছে?

(বৰগীতটি কোনে ৰচনা কৰা?

(বৰগীতটি কি ৰাগত বন্ধা আছে ?

(কবিয়ে 'বান্ধৱবুলি কাক সম্বোধন কৰিছে

() 'মোহ-পাশমানে কি?

2) বৰগীতটিৰ মূলভাৱ লিখা

) বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া

) ব্যাখ্যা কৰাঃ

() সহজে বয়নে যাৰ নপাৱন্ত সীমা

        অধমে জানিবো কেনে তোমাৰ মহিমা

() আতুৰ ভৈলোহি হৰি বিষয় বিকলে

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে

তোমাৰ চৰন দুই মোৰ মহা ধন

     ভকত জনৰ নিজ তুমিসে    জীৱন

)   সনক সনন্দ যোগী যাহাকু ধিয়ায়

       সকল   নিগমে যাক বিচাৰি নাপাই ।।

- তাপৰ্য বিচাৰ কৰা

) বৰগীতৰ চাৰিটা লক্ষ্যনৰ বিষয়ে লিখা?

) তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

নপাৱন্ত   কেনে  ভৈলোহো  ভূমিসে  জনেৰ  কহয়

2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ঠ্যসমূহ উল্লখ কৰা

) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্ত কি?

) মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা

) নামঘোষাৰ অন্য এটা নাম কি?

) মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়?

) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?

) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?

)  মাধৱদেৱৰ কেতিয়া আৰু ' জন্ম হৈছিল?

) বৰগীতৰ বিষয়বস্ত কি?

) বৰগীত কাক বোলে?

) মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?

চমুটোকা লিখাঃ

() বৰগীত   () ভটিমা    () ব্ৰজাৱলী ভাষা

মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত পাৰি ভাগ কেইটাৰ নাম লিখা



Post a Comment

Previous Post Next Post