এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কেনেকৈ পৰীক্ষা কৰিবা।
উত্তৰঃ এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰি হাইড্রজেন গেছ উৎপন্ন কৰে। উদাহৰণস্বৰূপে– Na ধাতুৱে HCI এছিডৰ সৈতে বিক্রিয়া কৰি H2 গেছ উৎপন্ন কৰে।
2Na(s)+2HCl (aq) +2NaCl+H2(g)
এতিয়া জ্বলন্ত কাঠি এডাল গেছটোৰ কাষলৈ নিলে গেছখিনি নীলা শিখাৰে জ্বলি উঠে। ইয়াৰ দ্বাৰা প্রমাণ হয় যে গেছখিনি হাইড্রজেন।