জলসিঞ্চন কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা।
উত্তৰ:- শস্যৰ বিকাশৰ কাৰণে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে ।
পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হল –
ক) পানী ছটিওৱা ব্যৱস্থা :
পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী । পানী অহা মূল নলী এডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমুৰত ঘূৰ্ণন শীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয় । পাম্পৰ চাপ যুক্ত পানী মূল নলীয়েদি প্ৰবাহিত হলে ঘূৰ্ণন শীল বিন্ধৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে ।
খ) পানী নিগৰোৱা ব্যৱস্থা :
এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় । সেয়ে এই ব্যৱস্থাক পানী নিগৰোৱা ব্যৱস্থা বোলে । উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলোৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি । ফলৰ গছ, বাগিছা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা । পানীৰ অভাৱ থকা শুকান ঠাইৰ কাৰণে এই ব্যৱস্থা আশীৰ্বাদ স্বৰূপ ।