জৈৱিক সাৰৰ লগত ৰাসায়নিকসাৰৰ প্ৰভেদ কি ? বৰ্ণনাকৰা।
উত্তৰ:- জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদবোৰ হল –
ক) ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ আনহাতে জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য ।
খ) ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় আনহাতে জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি ।
গ) ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে আনহাতে জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে ।
ঘ) ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে আনহাতে জৈৱিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব নোৱাৰে ।