প্ৰতিবিম্ব কাক বোলে ? প্ৰতিবিম্ব কেই প্ৰকাৰৰ আৰু কি কি?

প্ৰতিবিম্ব কাক বোলে ? প্ৰতিবিম্ব কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : কোনো এটা বিন্দু লক্ষ্যবস্ত্তৰ পৰা নিৰ্গত হোৱা অপসাৰি ৰশ্মিবোৰৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত, আন এক বিন্দুত প্ৰকৃততে মিলিত হয় বা আন কোনো বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেন ধাৰণা হয়, তেনে ক্ষেত্ৰত সেই দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ প্ৰতিবিম্ব বোলে।

প্ৰতিবিম্ব দুই প্ৰকাৰৰ –

    (ক) সত্ প্ৰতিবিম্ব  আৰু (খ)অসত্ প্ৰতিবিম্ব।

সত্ প্ৰতিবিম্ব

এটা বিন্দু লক্ষ্যবস্ত্তৰ পৰা নিৰ্গত হোৱা ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত আন এক বিন্দুত প্ৰকৃততে মিলিত হ’লে, তেনেক্ষেত্ৰত দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ সত্ প্ৰতিবিম্ব বোলে। সত্ প্ৰতিবিম্ব পৰ্দাত ধৰিব পাৰি।

অসত্ প্ৰতিবিম্ব

এটা বিন্দু লক্ষ্যবস্ত্তৰ পৰা নিৰ্গত হোৱা ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত আন কোনো বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেন ধাৰণা হয়। তেনেক্ষেত্ৰত দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ অসত্ প্ৰতিবিম্ব বোলে। অসত্ প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি।



Post a Comment

Previous Post Next Post