তলত দিয়াবোৰৰ বাবে সন্তোলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত।

তলত দিয়াবোৰৰ বাবে সন্তোলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত।

(a) পটেছিয়াম ব্র’মাইড (aq ) + বেৰিয়াম আয়’ডাইড (aq ) → পটেছিয়াম আয়’ ডাইড (aq ) + বেৰিয়াম ব্ৰ’মাইড(s )

উত্তৰঃ 2KBr(aq) + BaI2(aq)→ 2KI(aq) + BaBr2(aq)

      ই এটা দ্বি-অপসৰণ বিক্ৰিয়া।

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g )

উত্তৰঃ ZnCo3(s)→ Zno(s) + Co2(g)

            ই এটা বিয়োজন বিক্ৰিয়া।

(c) হাইড্র’জেন(g ) + ক্ল’ৰিন(g) → হাইড্র’জেন ক্ল’ৰাইড(g)

উত্তৰঃ H2(g) + Cl2(g) → 2HCl(g)

            ই এটা সংযোজন বিক্ৰিয়া।

 (d) মেগনেছিয়াম (s)+হাইড্র’ক্ল’ৰিক এছিড(aq ) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্র’জেন(g)

উত্তৰঃ Mg(s) + 2HCl(aq) → MgCl2(aq) + H2(g)

           ই এটা অপসৰণ বিক্ৰিয়া।


Post a Comment

Previous Post Next Post