অৱতল লেন্‌ছ এখনৰ সমুখত থকা থিয় লক্ষ্য বস্তু এটাৰ প্ৰতিবিম্বৰ অৱস্থা, প্রকৃতি আৰু আকাৰ কেনেকুৱা হ’ব ৰাশি চিত্ৰ আঁকি বুজাই লিখা ৷

অৱতল লেন্‌ছ এখনৰ সমুখত থকা থিয় লক্ষ্য বস্তু এটাৰ প্ৰতিবিম্বৰ অৱস্থা, প্রকৃতি আৰু আকাৰ কেনেকুৱা হ’ব ৰাশি চিত্ৰ আঁকি বুজাই লিখা ৷

 উত্তৰ: অৱতল লেন্‌ছৰ দ্বাৰা গঠিত প্রতিবিম্বৰ অৱস্থান, প্রকৃতি আৰু আকাৰঃ

ওপৰৰ চিত্ৰত দেখুওৱাৰ দৰে অৱতল লেন্‌ছৰ সন্মুখত মুখ্য অক্ষৰ ওপৰত PQ লম্বভাৱে থকা এটা লক্ষ্য বস্তু। লক্ষ্বস্তু PQ ৰ P বিন্দুৰ পৰা মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা PM ৰশ্মি লেন্‌ছত আপতিত হৈ MN পথেৰে অপসাৰিত হৈছে । এই অপসাৰিত ৰশ্মি পিছফালে বঢ়াই দিলে ফ’কাছ F বিন্দুৰ পৰা অহা যেন লাগে।

 আনটো ৰশ্মি PO লেন্‌ছৰ আলোক কেন্দ্ৰৰ মাজেৰে দিশ পৰিৱৰ্তন নকৰাকৈ পাৰ হৈ যায়। দুয়োটা ৰশ্মিয়ে  P/  বিন্দুত কটা কটি কৰা যেন লাগে। গতিকে P/  হ’ল P ৰ প্ৰতিবিম্ব। এতিয়া মুখ্য অক্ষৰ ওপৰত টনা P/Q/ লম্ব হ’ল PQ ৰ প্রতিবিম্ব ৷ 

এই প্রতিবিম্ব অসৎ, পোন ( থিয় ), সংকুচিত আৰু লক্ষ্যবস্তুৰ যিফালে আছে সেই ফালে আলোককেন্দ্ৰ আৰু ফ’কাছৰ মাজত গঠিত হয়।


Post a Comment

Previous Post Next Post