উত্তল লেন্‌ছ এখনৰ সন্মুখত লক্ষ্য বস্তু এটা ফ’কাছ আৰু আলোককেন্দ্ৰৰ মাজত প্রতিবিম্বৰ অৱস্থান

উত্তল লেন্‌ছ এখনৰ সন্মুখত লক্ষ্য বস্তু এটা ফ’কাছ আৰু আলোককেন্দ্ৰৰ মাজত প্রতিবিম্বৰ অৱস্থান

লক্ষ্য বস্তু ফ’কাছ আৰু আলোক কেন্দ্ৰৰ মাজত থাকিলে, লেন্‌ছৰ ওপৰত আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিসৰণৰ পিছত পৰস্পৰৰ পৰা আঁতৰি যায় ৷ গতিকে ইহঁত আগফালে কোনো বিন্দুত লগ লাগিব নোৱাৰে। কিন্তু এই অপসাৰিত ৰশ্মিবোৰ পিছফালে বঢ়াই দিলে এটা বিন্দুত লগ লগা যেন লাগে। এই বিন্দুটোৱেই হ’ল লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব। এই ক্ষেত্ৰত লেন্‌ছৰ পৰা প্ৰতিসাৰিত হোৱা ৰশ্মি অপসাৰী হয় ।

এই প্রতিবিম্ব অসৎ, থিয়, আকাৰত লক্ষ্য বস্তুতকৈ ডাঙৰ আৰু লেন্‌ছৰ যিফালে লক্ষ্য বস্তু থাকে সেই ফালে গঠিত হয়।



Post a Comment

Previous Post Next Post