তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।
নাইবা
তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়াৰ মাজৰ পার্থক্য কি? প্রত্যেকৰে এটাকৈ উদাহৰণ লিখা।
উত্তৰঃ
তাপবর্জী ৰাসায়নিক বিক্রিয়া : যি ৰাসায়নিক বিক্রিয়াত বিক্রিয়াজাত পদার্থ উৎপন্ন হােৱাৰ লগে লগে তাপাে উৎপন্ন হয় তাকে তাপবর্জী ৰাসায়নিক বিক্রিয়া বােলে। উদাৰণস্বৰূপে
CaO + H2O + Ca(OH)2
তাপগ্রাহী ৰাসায়নিক বিক্রিয়া : যি ৰাসায়নিক বিক্রিয়াত তাপ (শক্তি) শােষিত হয় তাকে তাপগ্রাহী ৰাসায়নিক বিক্রিয়া বােলে। উদাহৰণস্বৰূপে
2Ag Br(s) সূৰ্যৰ পােহৰ→ 2Ag (s)+ Br2(g)
প্রতিষ্ঠাপন বিক্রিয়া : যি বিক্রিয়াত এটা যৌগৰ পৰা এটা মৌলক আন এটা মৌলই প্রতিষ্ঠাপন কৰি নতুন যৌগ গঠন কৰে তাকে প্রতিষ্ঠাপন বিক্রিয়া বােলে।
উদাহৰণ— CuSO4(aq)+Zn(s) →ZnSO4+Cu(s)