সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা - ৫০০ শব্দৰ অসমীয়া ৰচনা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰচনা

আৰম্ভণিঃ

লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া যুগ সৃষ্টিকাৰী লেখক বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য

জন্ম আৰু বংশ পৰিচয়

লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাই ইংৰাজৰ আমোলত মুঞ্চিফৰ চাকৰি কৰিছিল এবাৰ ডাঙৰীয়া দীননাথ বেজবৰুৱা চৰকাৰী কামত নগাঁওৰ পৰা বৰপেটালৈ বদলি হৈ যাব লগা হৈছিল সেইসময়ত আজিকালিৰ দৰে যানবাহনৰ ব্যৱস্থা নথকাত ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নাৱেৰেই যাত্ৰা আৰম্ভ কৰিছিল সেই দিনা আছিল কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা গধূলি আহঁতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱাই সপৰিয়ালে নাও বান্ধি ৰাতিৰ ভাত খাবৰ কাৰণে ব্যৱস্থা কৰিছিল দীননাথ বেজবৰুৱাৰ সৰুজনা পত্নী ঠানেশ্বৰী দেৱীয়ে ভাত ৰান্ধিবলৈ লওতে গা বেয়া লগাত নাওৰ বুকুলৈ আহি তাতেই এটি সন্তান জন্ম দিয়ে এই সন্তানটিয়েই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

শিক্ষা

বেজবৰুৱাই দেউতাকৰ চাকৰিৰ বদলিৰ লগে লগে প্ৰথম অৱস্থাত তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল শেষত দীননাথ বেজবৰুৱাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি শিৱসাগৰত স্থায়ীভাৱে থাকিবলৈ লোৱাত তাৰ পৰাই বেজবৰুৱাই ১৮৮৬ খ্ৰীষ্টাব্দ এণ্ট্ৰেন্স পৰীক্ষাত পাছ কৰে এণ্ট্ৰেন্স‌‌ পৰীক্ষাত পাছ কৰাৰ পিছতে বেজবৰুৱাই উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল কলিকতাৰ ৰিপন কলেজত নাম লগালে যদিও বেজবৰুৱাৰ কলেজীয়া শিক্ষা সুখকৰ হোৱা নাছিল প্ৰথম অৱস্থাতে কলিকতাৰ নতুন পৰিৱেশে তেওঁৰ স্বাস্থ্যৰ বাৰুকৈয়ে অৱনতি ঘটালে দ্বিতীয়তে কলিকতাত পঢ়িবলৈ যাব নে নেযাব এনে দোধোৰ মোধোৰ অৱস্থাত থকাৰ কাৰণে তেওঁৰ নাম লগোৱাত পলম হয় ফলত আন ছাত্ৰতকৈ তেওঁ শ্ৰেণীত পিছ পৰি যাব লগা হৈছিল অধ্যাপকে দিয়া ক্লাছৰ লেক্চাৰবোৰ একোকে বুজিব নোৱাৰি তেওঁৰ মন নৈৰাশ্যৰে ভৰি পৰিছিল এনে পৰিপ্ৰেক্ষিতত তেওঁ কলেজৰ শিক্ষা আধাতে সামৰি ঘৰলৈ ঘূৰি আহিল কিন্তু শেষত পুনৰ কলিকতালৈ গৈ কলেজ ষ্ট্ৰীটৰ এটা ছাত্ৰাৱাসত থাকি চিটি কলেজত পঢ়া-শুনা কৰে ১৮৯০ চনত কলিকতাৰ জেনেৰেল এছেমব্লি কলেজৰ পৰা বেজবৰুৱাই বি- পাছ কৰে

কৰ্ম-জীৱন

বেজবৰুৱাই আইন আৰু এম. শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ সময়তে ইংৰাজ চৰকাৰে তেওক মুন্সিফ্ পদ যাচিছিল যদিও তেওঁপ্ৰত্যাখ্যান কৰিছিল কিছুবছৰ পিছত গুৱাহাটীৰ বিশিষ্ট ব্যৱসায় প্ৰতিষ্ঠানবৰুৱা-ফুকন-ব্ৰাদাৰ্স মেনেজাৰ ভোলানাথ বৰুৱাৰ লগত তেওঁ সাক্ষাৎ হয় সেই সময়ত গুৱাহাটীৰ ব্যৱসায় এৰি ভোলানাথ বৰুৱাই কলিকতালৈ ব্যৱসায়ৰ বাবে আহিছিল লক্ষ্মীনাথ আৰু ভোলানাথ দুয়োৰে মাজত বন্ধুত্ব হয় আৰু দুয়ো লগলাগি প্ৰথমে কলিকতাত কাঠৰ কাৰবাৰ আৰম্ভ কৰে পিছলৈ ১৯১৬ চনৰ পৰা ১৯১৭ চনলৈকে এবছৰ কলিকতাৰ ৱাৰ্ড কোম্পানীৰ অফিচত কাম কৰাৰ পিছত ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা কাঠৰ ব্যৱসায়ৰ বাবে সম্বলপুৰত থাকিবলৈ লয়

সাহিত্যিক জীৱন

বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল সেই সময়তেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায় সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি কলিকতাত পঢ়ি থকা অন্যান্য ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা"(. ভা. . সা. সভা) নামে এখন সভা স্থাপন কৰে এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে এই 'জোনাকী' পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনাত মনোনিবেশ কৰে জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত 'লিতিকাই' নামৰ প্ৰথম প্ৰহসন প্ৰকাশ কৰে ইয়াৰ পিছত তেওঁ নিৰবচ্ছিন্নভাৱে অসমীয়া সাহিত্যৰ সকলো দিশতে জোনাকীকে ধৰি সেই সময়ত আৰু তাৰ পাছত অসমীয়া ভাষাত প্ৰকাশ পোৱা সকলো আলোচনী, সংবাদপত্ৰত সাহিত্য সাধনা কৰি যায় 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত 'বাঁহী' অলোচনীৰ প্ৰতিষ্ঠা আৰু সম্পাদনা কৰে বাঁহীৰ পাততেই সাহিত্যিক বেজবৰুৱা পূৰ্ণ হৈ উঠিল

মৃত্যু

বেজবৰুৱাই জীৱনৰ অন্তিম সময়খিনি সম্বলপুৰ, বৰোডা, বোম্বাই, নাগপুৰ আদি বিভিন্ন ঠাইত কটোৱাৰ পিছত ১৯৩৭ চনৰ ১৮ আগষ্টত অসমলৈ ঘূৰি আহে ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে ডিব্ৰুগড় চহৰত থকা জী-জোৱাইৰ ঘৰত বেজবৰুৱাৰ মৃত্যু হয়


Post a Comment

Previous Post Next Post