পৰীক্ষানল A আৰু Bত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লােৱা হ’ল। পৰীক্ষানল Aত হাইড্ৰ’ক্লৰিক এছিড (HCl) আৰু পৰীক্ষানল Bত এচিটিক এছিড যােগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লােৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয় ?
উত্তৰঃ পৰীক্ষানল Aত বেছি বেগেৰে বুৰবুৰণি ওলাব। কাৰণ, HCI এছিড CH3COOH তকৈ তীব্র। গতিকে HCl এছিড আৰু মেগনেছিয়ামৰ মাজৰ বিক্রিয়াৰ বেগ বেছি হ’ব। গতিকে A Bতকৈ বেছি শব্দ কৰি বুৰবুৰণিৰ সৃষ্টি হ’ব।