কাছাৰ জিলা | Cachar | Cachar District in Assamese

চমু পৰিচয় আৰু নামৰ উৎপত্তি

                 কাছাৰ জিলাখন আচলতে ত্ৰিপুৰা ৰাজ্যৰ এটা অংশ এই অংশটো পিছত বৃহৎ ডিমাছা কছাৰী ৰাজ্যৰ লগত সংলগ্ন কৰা হয় ডিমাছা কছাৰীসকলৰ নাম অনুসৰি এলেকাটোৰ নাম কাছাৰ হয় এই সাম্ৰাজ্যৰ শেষৰ ৰজা আছিল গোবিন্দ চন্দ্ৰধ্বজ নাৰায়ণ হানচু তেওঁৰ ৰাজত্বৰ কালছোৱাত কাছাৰৰ ৰাজধানী আছিল খাছপুৰ তেওঁৰ ৰাজত্বৰ শেষত ব্ৰিটিছে এই ৰাজ্য দখল কৰে আৰু ইয়াৰ উত্তৰ অংশ ৰবাৰ্টচন আৰু বাকী পাহাৰীয়া অংশ অসমৰ ব্ৰিটিছ কমিছনাৰ জেনকিন্সক দাখিল কৰে তেতিয়াৰ পৰাই এই অংশটো অসমৰ সীমাৰ ভিতৰত আহে


ভৌগোলিক অৱস্থান আৰু চাৰিসীমা

               এই জিলাখন ৩৭৮৬ বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত বৰাক নদী এই জিলাৰ মাজেৰে যোৱা মুখ্য নদী আৰু ইয়াৰ লগতে মণিপুৰৰ পৰা দিমহাছাওৰে বৈ যোৱা সৰু বৰ নদী সমূহ এই জিলাত প্ৰৱেশ কৰিছে এই জিলাখনৰ প্ৰায় ভাগ সমতল যদিও ভালেমান পাহাৰীয়া ঠাই দেখা যায় এই জিলাত বছৰি গড়ে ৩০০ মিলিমিটাৰতকৈ বেছি বৰষুণ হোৱা দেখা যায় জিলা খনৰ মাজেৰে পাৰ হৈ যোৱা উপনৈ সমূহ হৈছে জাতিংগা, মধুৰা, ৰুকণী, সোনাই, বালিচেৰা , সুৰমা আদি ।

 

জিলা খনৰ চাৰিসীমা :

   উত্তৰে: ডিমা হাচাও জিলা আৰু মেঘালয় ।

   দক্ষিণে: মিজোৰাম ৰাজ্য 

   পূৱে: মণিপুৰ ৰাজ্য 

   পশ্চিমে: হাইলাকান্দি জিলা আৰু বাংলাদেশ ।

 

                   এই জিলাৰ সদৰ ঠাই হল শিলচৰ শিলচৰ অসমৰ এখন মুখ্য বেপাৰ স্থল ২০০৬ চনত ভাৰত চৰকাৰে কাছাৰক দেশৰ ৬৪০ খন জিলাৰ ভিতৰত ২৫০ তম পিছপৰা জিলা বুলি গণ্য কৰে কাছাৰ জিলাখন অসমৰ ১১তম জিলা যিয়ে বৰ্তমান Backward Regions Grant Fund Programme পৰা সাহাৰ্য্য লাভ কৰে

বিভাগ

              এই জিলাখন দুটা বিভাগত বিভক্ত- শিলচৰ আৰু লক্ষীপুৰ এই জিলাখনত সাতটা সমষ্টি আছে শিলচৰ, সোনাই, ধলাই, উদ্ধাৰবন্দ, লক্ষীপুৰ, বৰখোলা আৰু কাটিগড় এই সাতটা সমষ্টি লগ হৈ শিলচৰ লোকসভা সমষ্টি গঠিত হৈছে

যাতায়ত

              শিলচৰ অসমৰ ষষ্ঠ খন চহৰ যত বিমান পৰিবহণ সেৱা উপলব্ধ এই জিলাখন ৰেলপথেৰে লামডিংৰ লগত সংযুক্ত ইয়াৰ ওপৰিও স্থল পথেৰে শিলচৰৰ পৰা কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক অসম তথা ভাৰতৰ আন আন ঠাইৰ লগতে সংযোগ স্থাপন কৰিছে ৪৪নং, ৫৩নং আৰু ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথ জিলা খনৰ মাজেৰে পাৰ হৈ গৈছে ।

জনসংখ্যা

              ২০১১ চনৰ লোকপিয়ল মতে এই জিলাখনৰ মুঠ জনসংসা হল ১৭,৩৬,৬১৭ গৰাকী জনসংখ্যা হিচাপে কাছাৰ ভাৰতৰ ২৭৮ তম জিলা এই জিলাত প্ৰতি বৰ্গকিলোমিটাৰত জনসংখ্যা হল ৪৫৯ গৰাকী এই জিলাৰ পুৰুষ-মহিলাৰ অনুপাত হল ১০০০:৯৫৮ কাছাৰ জিলাৰ সাক্ষৰতাৰ হাৰ হল ৮০.৩৬ শতাংশ

ভাষা

             বঙালী আৰু ইংৰাজী হল এই জিলাৰ মুখ্য ভাষা এই জিলাৰ প্ৰায়ভাগ লোকে সিলেটি ভাষা কয় আৰু কিছুমানে ভোজপুৰী, মৈত্ৰী মণিপুৰী, ডিমাছা কছাৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী নেপালী, হামাৰ আৰু ৰংমি ভাষাও কয়

শিক্ষা

              কাছাৰ জিলাখন শিক্ষাৰ ক্ষেত্ৰত উত্তৰপূৰ্বাঞ্চলৰ ভিতৰতে নাম থকা শিলচৰ ইয়াৰ মুখ্য শৈক্ষিক কেন্দ্ৰস্থল এই জিলাতে অসম বিশ্ববিদ্যালয় নামেৰে এখন  কেন্দ্রীয় বিশ্ববিদ্যালয় আছে যিখন শিলচৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত অৱস্থিত ইয়াৰ ওপৰিও শিলচৰত NIT Silchar, শিলচৰ চিকিৎসা মহাবিদ্যালয় আছে শিলচৰত থকা মুখ্য মহাবিদ্যালয় সমূহ হল কাছাৰ মহাবিদ্যালয়, গুৰুচৰণ মহাবিদ্যালয়, ৰাধামাধৱ মহাবিদ্যালয় ইত্যাদি

বনাঞ্চল

              এই জিলাখন প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰতো চহকী জিলাখনত প্ৰধানতঃ চিৰসেউজীয়া উদ্ভিদৰ লগতে উত্তৰ ফালে বৰ্ষাৰণ্যও দেখা যায় যত বাঘ, এছিয়ান হাতী, হলৌ বান্দৰ, গঁড় আদি আছে এই জিলাৰ উত্তৰ ভাগটো ধলেশ্বৰী সংৰক্ষিত বনাঞ্চল হিচাপে পৰিগণিত এই জিলাতে বৰাইল সংৰক্ষিত বনাঞ্চল অৱস্থিত

Post a Comment

Previous Post Next Post