Don't Ban Plastic : প্লাষ্টিকে পৃথিৱীক বাচি থকাত সহায় কৰিছে


Don't Ban Plastic : প্লাষ্টিকে পৃথিৱীক বাচি থকাত সহায় কৰিছে



                                 আজিৰ পৰা প্ৰায় 110 বছৰ আগতেই প্লাষ্টিকৰ আৱিষ্কাৰ হৈছিল আৰু তেতিয়াৰ পৰাই প্লাষ্টিকে মানুহৰ দৈনন্দিন জীৱন গুৰুতৰ প্ৰভাৱ পেলাই আহিছে কাৰ্বন শৃংখল (carbon chain) ৰে প্ৰস্তুত হোৱা এই প্লাষ্টিক এজন মানুহে এবছৰত প্ৰায় 50 KG (average) ব্যৱহাৰ কৰে বৰ্তমান সময়ত পৃথিৱীত প্ৰায় 500 কোটি টন প্লাষ্টিক আৱৰ্জনা আছে যিবোৰ একলগ কৰিলে এভাৰেষ্ট শৃংগকৈও ওখ দেখা যাব ইমান অৱৰ্জনাৰ প্ৰতি লক্ষ্য ৰাখি বহুতো সংগঠনে সময়ে সময়ে প্লাষ্টিক Ban কৰিবলৈও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে

                 প্লাষ্টিক বন্ধ কৰিলে সকলো সমস্যা সমাধান হৈ যাব নে ? প্লাষ্টিক বন্ধ কৰিলে প্ৰকৃতিৰ কিবা লাভ হব নে ? প্লাষ্টিকৰ আৱৰ্জনাই আজি ইমান ইমান সমস্যাৰ সৃষ্টি কৰিছে যে কেতিয়াবা এনেকুৱা লাগে প্লাষ্টিকেই এদিন মানৱ সমাজক পৃথিৱীৰ পৰা নাইকিয়া কৰি দিব কিন্তু এনেবোৰ কথালৈ ভ্ৰূক্ষেপ নকৰি মানুহে প্লাষ্টিকৰ ব্যৱহাৰো আওকাণ কৰিব নোৱাৰে ৰাতিপুৱা শুই উঠি লোৱা Tooth Brush ডালৰ পৰা আৰম্ভ কৰি ৰাতি শোৱাৰ আগতে লগোৱা Alarm Clock টোও প্লাষ্টিকেৰেই বনোৱা এতিয়া আলোচনা কাৰো আহক প্লাষ্টিক আমাৰ তথা পৃথিৱীৰ বাবে আশীৰ্বাদ নে অভিশাপ !
           
              আপুনি এই Article টো পঢ়ি থকা মোবাইল ফোন বা লেপটপটোৰ পৰা আৰম্ভ কৰি TV , AC , পাকঘৰত ব্যৱহাৰ হোৱা সামগ্ৰী, Sunglass, জোতা , চেন্ডেল, কাপোৰ আদিৰে প্লাষ্টিকে আপোনাক বেৰি ৰাখিছে বৰ্তমান পৃথিৱীত থকা জনসংখ্যাৰ অনুপাতে কাপোৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় প্ৰাকৃতিক আহ বা কপাহ (cotton) সংখ্যা বহুত কম গতিকে বৰ্ধিত জনসংখ্যাৰ কাপোৰৰ অভাৱ পূৰ কৰিবলৈ পলিএষ্টাৰ, নাইলন, টেৰিলিন, এক্ৰলিন আদিৰ দৰে প্লাষ্টিকৰ অৱৰূপ বোৰকেই ব্যৱহাৰ কৰি আহিছে সকলো বিলাক বিদ্যুতৰ তাঁৰ বা অন্য সামগ্ৰী সমূহ সুৰক্ষিত কৰিবলৈও প্লাষ্টিকেৰেই তাৰ ওপৰত প্ৰলেপ দিয়া হয় ইয়াৰ ফলত সামগ্ৰী সমূহ অতি কম মূল্যতে বজাৰৰত উপলব্ধ হয় আৰু দীৰ্ঘদিনলৈও কাৰ্যক্ষম হৈ থাকে


                  চিকিৎসা বিজ্ঞানৰ ফালে লক্ষ্য কৰিলে দেখা যায় যে সাধাৰণ বেজীৰ চিৰিঞ্জ এটাৰ পৰা অস্ত্ৰোপচাৰৰ সামগ্ৰী আৰু চিকিৎসালয়ৰ অন্য প্ৰয়োজনীয় সামগ্ৰীৰ লগতে ঔষধবোৰ বহুদিনলৈ ভালে ৰাখিবলৈ প্লাষ্টিকৰেই সহায় লোৱা হয় বজাৰত উপলব্ধ খাদ্য সামগ্ৰী সমূহো বহুদিনলৈ ভালে ৰাখিবলৈ প্লাষ্টিকৰ বেগত ৰখা হয় । 

                যদি কিবা কাৰণত প্লাষ্টিকৰ উৎপাদন আৰু ব্যৱহাৰ বন্ধ কৰি আমি তাৰ পৰিৱৰ্তে অন্য সামগ্ৰী ব্যৱহাৰ কৰোঁ তেতিয়া কি হব বাৰু ?

                প্লাষ্টিকৰ ব্যৱহাৰ বাদ দি যদি আমি তাৰ পৰিৱৰ্তে কেৱল কাগজৰ বেগ, বা কাঠ, ৰবৰ বা ধাতুৰ সামগ্ৰী ব্যৱহাৰ কৰিব যাওঁ তেতিয়া হয়তো মাত্ৰ কেইবা বছৰৰ ভিতৰতেই কাঠ আৰু কাগজৰ নামত গছ বন কাটি নিঃশেষ হৈ যাব, ধাতুৰ ব্যৱহাৰ বৃদ্ধি হলে খনিজৰ সম্পদ সমূহ অতি বেছি পৰিমানে আহৰণৰ ফালে মানৱ জাতি অগ্ৰসৰ হব আৰু ইয়েই হয়তো মানৱ সমাজ পৃথিৱীৰ পৰা নাইকিয়া কৰিব বৰ্তমানৰ প্ৰায় আটাইবোৰ উদ্যোগতেই প্লাষ্টিকৰ ব্যৱহাৰ নিচেই সুলভ প্লাষ্টিক বন্ধ হলে এই উদ্যোগ সমূহ বন্ধ হৈ লাখ লাখ নিবনুৱাৰ সৃষ্টি কৰিব এনেবোৰ গুৰুতৰ সমস্যাৰ একমাত্ৰ সমাধানেই হল প্লাষ্টিক গতিকে প্লাষ্টিক বন্ধ বা Plastic Ban কথা আমি চিন্তাই কৰিব নোৱাৰোঁ এক কথাত চাবলৈ হৈ প্লাষ্টিকেই প্ৰকৃতিক বাছি থকাত সহায় কৰি আহিছে

               আনফালেদি প্লাষ্টিকৰ দহনে বায়ুমণ্ডলত যথেষ্ট পৰিমাণৰ CO2 গেছ নিৰ্গত কৰে যিয়ে গোলকীয় সমস্যা (global warming) দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰি আহিছে প্লাষ্টিকৰ আৱৰ্জনাৰ কাৰণেই পৃথিৱীত প্ৰায় বছৰি 10 লাখ জন্তু আৰু চৰাইৰ মৃত্যু হয় আনহাতে ভূ-ভাগৰ তুলনাত সাগৰত বছৰি প্ৰায় 10 কৌটি জীৱৰ মৃত্যু হয় প্লাষ্টিকৰ বাবে চহৰ অঞ্চলৰ নলা-নৰ্দমাবোৰ বন্ধ হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি হয় প্লাষ্টিকৰ বাবেই মাটিৰ গুণাগুণ নাইকিয়া হয় আৰু খেতিবাটিত কু-প্ৰভাৱ পৰে
 
                এইবিলাকৰ কাৰণপ্লাষ্টিক হলেও কাৰকআমি মানুহ জাতিয়েই আমি প্লাষ্টিকৰ সু-ব্যৱহাৰ কৰিলে আৰু আৱৰ্জনাবোৰৰ সঠিক ব্যৱস্থা কৰিব শিকিলে এই প্লাষ্টিকেই আকৌ এবাৰ মানুহৰ লগতে গোটেই পৃথিৱীৰ কাৰণে আশীৰ্বাদ স্বৰূপ হব

1 Comments

Previous Post Next Post