পৰিৱেশৰ ওপৰত Covid-19 Lockdown ৰ ধনাত্মক প্ৰভাৱ


পৰিৱেশৰ ওপৰত Covid-19 Lockdown ধনাত্মক প্ৰভাৱ

 

                 সমগ্ৰ বিশ্বই এতিয়া Covid-19 অৰ্থাৎ কৰোনা ভাইৰাছ মহামাৰীৰ লগত যুঁজি আছে বিশ্বৰ সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশ আমেৰিকাৰ পৰা সৰ্ববৃহৎ লোকতান্ত্রিক দেশ ভাৰততো এই মহামাৰীয়ে ভয়াবহ আতংকৰ সৃষ্টি কৰিছে এনেকুৱা দুৰ্গম সময়ত কাৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাষ্ট্ৰীয় ভাবে Lockdown বাহিৰে অন্য ব্যৱস্থা নাই কিন্তু Lockdown মহামাৰীৰ চূড়ান্ত সমাধান নহয় Lockdown ফলত দেশৰ উদ্যোগ, পৰিবহন ব্যৱস্থাৰ দৰে প্ৰায় আটাইবিলাক আৰ্থিক ব্যৱস্থা আচল হৈ আছে এফালে যত দেশৰ অৰ্থনীতিৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰিছে আনফালে এই মহামাৰীৰ সময়ত পৰিৱেশৰ ওপৰত ধনাত্মক প্ৰভাৱ দেখা গৈছে
            
             বিশ্ব স্বাস্থ্য সংস্থাৰ পৰীক্ষাৰ পৰা গম পোৱা গৈছে যে যেতিয়া বায়ু মণ্ডলত নাইট্ৰজেন ডাই অক্সাইড (NO2) পৰিমাণ 200 microgram/cubic meter কৈ বেছি হৈ তেতিয়া ইয়ে মানুহৰ শ্বাসনলীত প্ৰভাৱ পেলাই আৰু ফলত আস্থামা (asthma) দৰে ৰোগ সমূহ বাঢ়ি যায় এতিয়া এই প্ৰায় এমহীয়া lockdown বাবে বায়ুত NO2 পৰিমাণ ভালেখিনি কমি গৈছে ইয়াৰ ফলত শ্বাসৰ লগত জড়িত ৰোগীৰ পৰিমাণ নিশ্চিত ভাবে কম হোৱা দেখা গৈছে
            
           PM 2.5 হৈছে বায়ুৰ আটাইতকৈ প্ৰদূষিত অৱস্থা এই অৱস্থাত মানুহৰ বহুতো শ্বাস জানিত বেমাৰ, হাৰ্ট এটেক, কমবয়সতে মৃত্যুৰ দৰে ভয়ানক ৰোগ সমূহ হোৱা দেখা যায় । WHO মতে সমগ্ৰ বিশ্বত প্ৰত্যেক বছৰত প্রায় চাৰি মিলিয়ন (4M) মানুহৰ মৃত্যু হয় কিন্তু এই lockdown সময়ত PM 2.5 প্ৰভাৱ ভালেখিনি কমি গৈছে এক পৰীক্ষাৰ পৰা গম পোৱা গৈছে যে এই lockdown সময়ত কেৱল চীন দেশতেই 77 হাজাৰ মানুহ ইয়াৰ প্ৰভাৱৰ পৰা বাছি গৈছে
              
                 পৰিৱেশৰ কথা কওঁতে এটা উল্লেখনীয় বিষয় হল জলবায়ু পৰিৱৰ্তন (Climate Change ) গোটেই বিশ্বই কাৰোনা সমানে জলবায়ু পৰিবৰ্তনৰ লগতো যুঁজি আহিছে জলবায়ু পৰিবৰ্তনৰ মূল কাৰক হল কাৰ্বন ডাই অক্সাইড (CO2) পৰিমাণ বৃদ্ধি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিৰ মূল কাৰণ হল জৈৱিক ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি Lockdown কাৰণে দেশত যানবাহন, উদ্যোগ, শক্তি উৎপাদন কেন্দ্ৰ সমূহত এই ইন্ধনৰ ব্যৱহাৰৰ পৰিমাণ কমি গৈছে ফলত বায়ু মণ্ডলত CO2 পৰিমাণ কমি গৈছে
           
              ইয়াৰ ওপৰিও দেশত উদ্যোগ সমূহ বন্ধ হৈ আছে বাবে ইয়াৰ উদ্যোগিক আৱৰ্জনা সমূহৰ পৰিমাণ কমি গৈছে ফলত নদ-নদী সমূহ পৰিষ্কাৰ দেখা গৈছে আৰু জলচৰ জীৱ সমূহৰ লগতে আন বন্য জীৱ জন্তু বিলাকৰ ওপৰত ভাল প্ৰভাৱ দেখা গৈছে
               
                  এনেকুৱা lockdown বহুদিন অটুট ৰখা প্ৰায় অসম্ভৱ কাৰণ এয়ে অৰ্থনীতিত হেঙাৰৰ সৃষ্টি কৰে মানুহৰ জীৱন যাপন আৰু বিকাশৰ কাৰণে অৰ্থনীতিৰ বিকাশ অত্যন্তই প্ৰয়োজনীয় কিন্তু মানুহৰ জীৱন যাপন আৰু বিকাশ তেতিয়াহে সম্ভৱ যত সুস্হ শৰীৰেৰে মানুহে জীয়াই থাকিব পাৰে গতিকে, মই ভাবোঁ দেশত প্ৰত্যেক বছৰে প্ৰায় অতি কমেও একসপ্তাহৰ lockdown ব্যৱস্থা কৰিলে অৰ্থনীতিৰ লগতে প্ৰাকৃতিক ভাৰসাম্যও ৰক্ষা পৰিব জনসাধাৰণে বিভিন্ন মাধ্যমৰ যোগেদি চৰকাৰৰ ওপৰত এনেকুৱা ইতিবাচক দিশ সমূহৰ ওপৰত কাৰ্যপন্থা হাতত লবলৈ আহ্বান জানোৱাঁ উচিত

2 Comments

Previous Post Next Post