ক'ৰ'ণাৰ সমসাময়িক ভাৱে ভাৰতত জন্ম পোৱা আন এটা ভাইৰাছ
সমগ্ৰ বিশ্বই এতিয়া ক'ৰ'ণাৰ লগত যুঁজি আছে আৰু ভাৰতও এই যুঁজৰ পৰা বাদ পৰা নাই । যিখিনি সময়ত আমাৰ দেশ ভাৰত ক'ৰ'ণাৰ লগত যুঁজি প্ৰায় জিকিবলৈ আৰম্ভ কৰিছে সেই সময়তেই জন্ম লৈছে এক নতুন ভাইৰাছ । ক'ৰ'ণা ভাইৰাছতকৈও অধিক মাৰাত্মক এই ভাইৰাছ যি এবাৰ কাৰোবাৰ মন মগজুত প্ৰৱেশ কৰিলে কেতিয়াওঁ নিৰ্মূল নহয় । এই ভাইৰাছ বৰ্তমান ইমানেই মাৰাত্মক যে এক মূহুৰ্ততে বহু লোকলৈ ই বিয়পি পৰিব পাৰে ।
এই ভাইৰাছত বৰ্তমান ভাৰতৰ প্ৰায় ৫০-৬০% লোক আক্ৰান্ত হৈছে। এই ভাইৰাছ সংক্ৰমণৰ প্ৰধান মাধ্যম হৈছে ছ'চিয়েল মিডিয়া। বিশ্বত এতিয়া পৰিলক্ষিত হৈছে ক'ৰ'ণা ভাইৰাছে সৃষ্টি কৰা ভয়ানক পৰিস্থিতি। চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক'ৰ'ণাই ধাৰণ কৰিছে ভয়াবহ ৰূপ। কিন্তু ক'ৰ'ণা ভাইৰাছৰ সলনি ভাৰতত পৰিলক্ষিত হৈছে অন্য এক ভাইৰাছ। ক'ৰ'ণাৰ প্ৰতিশেধক চিকিৎসক সকলে প্ৰস্তুত কৰিব পাৰিলেও, এই ভাইৰাছৰ প্ৰতিশেধক কোনো লোকে প্ৰস্তুত কৰিব নোৱাৰিব।
আপোনালোকে হয়তো ভাবিছে ভাৰতত বিয়পা এই ভাইৰাছৰ নাম কি? কোনে এই ভাইৰাছ প্ৰস্তুত কৰিলে? কোনে এই ভাইৰাছ ভাৰতত বিয়পালে? কিমান লোক এই ভাইৰাছত আক্ৰান্ত হৈছে? কিয় চৰকাৰে এই ভাইৰাছ সম্পৰ্কে এতিয়ালৈ জনসাধৰণক অবগত কৰা নাই? - ইত্যাদি বহু প্ৰশ্নৰে আতংকিত হৈ পৰিছে চাগে আপুনি?
ৰ'ব-আতংকিত নহ'ব! ক'ৰ'ণা ভাইৰাছতকৈও অধিক মাৰাত্মক এই ভাইৰাছ বিয়পোৱাত হয়তো আপোনাৰ নামো তালিকাত অন্তৰ্ভূক্ত হৈছে। আৰু এই ভাইৰাছ বিয়পোৱাৰ মাধ্যম হৈছে আপোনাৰ মবাইলৰ share button টো। শুনি হয়তো আচৰিত হৈছে! নহবয়নো কিয়। আছৰিত হবলগীয়া কথা যে যি সময়ত ক'ৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্ব গ্ৰাস কৰিছে, তেনে সময়তে ভাৰতত দেখা দিছে সাম্প্ৰদায়িক বিবাদ। একো সত্যতা নজনাকৈয়ে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে এনে কিছুমান ভিডিঅ', ফ'টো যাৰ দ্বাৰা এতিয়া ভাৰতত বিয়পি পৰিছে হিন্দু মুছলমানৰ মাজত ঘৃণাভাৱ।
যিখন ভাৰতক ভাতৃত্ব বোধৰ বাবে সমগ্ৰ বিশ্বই জানে, সকলোৱে সন্মান কৰে, সেইখন ভাৰততে এতিয়া বিয়পিছে সাপ্ৰদায়িক ঘৃণাভাৱ। এই সাম্প্ৰদায়িক ঘৃণাভাবেই হৈছে ক'ৰ'ণা ভাইৰাছতকৈও মাৰাত্মক ভাইৰাছ। এই ভাইৰাছ বিয়পিছে বহুতৰে মন মগজুলৈ।
এজনৰ এটা ভূলৰ বাবে এটা সম্প্ৰদায়ক গালি পৰাটো কিমান যুক্তি সংগত ? যেতিয়া এটা সম্প্ৰদায়ক উদ্দেশ্যি এটা ভূৱা বাতৰি প্ৰচাৰ কৰা হয়, তেতিয়া আপোনাৰ বন্ধুৰ তালিকাত থকা বন্ধুজনে কিমান আঘাত পায়, কিমান লজ্জিত হয় আপুনি এবাৰ ভাবি চাইচেনে ?
এদিন হয়টো অন্ত পৰিব ক'ৰ'ণা মহামাৰীৰ, কিন্তু থাকি যাব সাম্প্ৰদায়িক বিবাদ। এই বিবাদে ধ্বংসৰ পথলৈ ঠেলি দিব সমগ্ৰ ভাৰতবৰ্ষক তথা উঠি অহা নৱ প্ৰজন্মক। আৰু যাৰ পৰিণাম ক'ৰ'ণা ভাইৰাছতকৈও ভয়াবহ হ'ব। তাৰ বাবে দায়ী হম আমি/আপোনালোঁক। সেয়েহে সকলোকে অনুৰোধ জনাওঁ যে সময় থাকোতেই নিজৰ বিবেক বুদ্ধিৰ প্ৰয়োগ কৰক।
Author:- Chiranjib Nath
Tags
Article