অসমৰ চমু পৰিচয় আৰু ইয়াৰ নামৰ উৎপত্তি | About Assam | Assam in Assamese

অসমৰ চমু পৰিচয় আৰু ইয়াৰ নামৰ উৎপত্তি | About Assam | Assam in Assamese

    

চমু পৰিচয় 

অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত এখন ৰাজ্য যাৰ সাংস্কৃতিক আৰু ভৌগোলিক ভাৱে গোটেই পৃথিৱীতে এক সুকীয়া পৰিচয় আছে অসমৰ ৰাজধানী হৈছে দিশপুৰ৷ অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ জুৰি আছে৷ অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে৷ আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৰ্ব-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে৷ কাজিৰঙাৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱীত বিখ্যাত হৈ আছে

অসম (Assam) নামৰ উৎপত্তি কেনেকৈ হ'ল?

        কিংবদন্তি মতে অসমৰ এই ভূখণ্ড পূৰ্বতে কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল৷ ত্ৰয়োদশ শতিকা মানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত 'অসম' নামটোৰ প্ৰচলন হয়৷ আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়৷
       কোনো কোনোৰ মতে এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম 'ল৷ আনহাতে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম '-সম' 'ল৷ আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই আহোম শব্দটোৰ পৰা অসম ' আহোমসকলে নিজকে টাই বুলি পৰিচয় দিছিল যদিও তেওঁলোক আহোম হিচাপেহে অধিক পৰিচিত হৈ উঠিল আহোমসকলে প্ৰায় ৬০০ বছৰ অসমত ৰাজত্ব কৰে
       অসম ইংৰাজৰ হাতলৈ যোৱাৰ পাছৰ পৰা আছাম আৰু আসাম শব্দ দুটা প্ৰচলিত হৈ পৰে আৰু শেষত এই ভূখণ্ড অসম আৰু ইয়াত বাস কৰা অধিবাসীসকলক অসমীয়া বোলা 'ল৷ ইংৰাজসকলেই অসম বা আসামক ইংৰাজীলৈ Assam বুলি লিপ্যন্তৰ কৰে৷ বৰ্তমান অসম বানানটো ইংৰাজীত Axom বা Asom বুলি লিখা হয় যদিও Assam বানানটোও প্ৰচলিত৷

Post a Comment

Previous Post Next Post