তাপনমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা।

তাপনমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা

উত্তৰ:- তাপনমনীয়  আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্যবোৰ হল –

ক) তাপনমনীয় প্লাষ্টিক তাপ দি লেহুকা কৰিব পাৰি আনহাতে তাপদৃঢ় প্লাষ্টিক তাপ দিলেও সহজে লেহুকা নহয় ।

খ) তাপনমনীয় প্লাষ্টিক বোৰ তাপৰ সুপৰিবাহী আনহাতে তাপদৃঢ় প্লাষ্টিক বোৰ তাপৰ কুপৰিবাহী ।

গ) তাপনমনীয় প্লাষ্টিক বোৰ খেলনা, ফণী নানা ধৰণৰ পাত্ৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় আনহাতে তাপদৃঢ় প্লাষ্টিক বোৰ টিভি ছেট, বাচন – বর্তনৰ হেণ্ডেল, যান – বাহন আদিত ব্যৱহাৰ কৰা হয় ।


Post a Comment

Previous Post Next Post