পানীত হেলনীয়াকৈ আংশিকভাৱে নিমজ্জিত মাৰি এডালৰ পানীত ডুব গৈ থকা অংশটো সামান্য বেকা হৈ ওপৰলৈ উঠি অহা যেন লাগে। কিয় এনে হয় ব্যাখ্যা কৰা।

পানীত হেলনীয়াকৈ আংশিকভাৱে নিমজ্জিত মাৰি এডালৰ পানীত ডুব গৈ থকা অংশটো সামান্য বেকা হৈ ওপৰলৈ উঠি অহা যেন লাগে। কিয় এনে হয় ব্যাখ্যা কৰা।

উত্তৰঃ এই ঘটনাটো পোহৰৰ প্ৰতিসৰণৰ বাবে হয়।

চিত্ৰত দেখুওৱাৰ দৰে মাৰিডালৰ AB অংশ পানীৰ তলত আৰু BC অংশ পানীৰ ওপৰত আছে। এতিয়া মাৰিডালৰ পানীৰ তলত থকা যিকোনো বিন্দু ( ধৰা হ’ল A) ৰ পৰা এজোৰ অপসাৰী ৰশ্মি পানীৰ তলত আপতিত হোৱাৰ পিছত ঘনত্বৰ মাধ্যম পানীৰ পৰা লঘুতৰ মাধ্যম বায়ুত প্ৰৱেশ কৰোঁতে প্রতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়।

এই প্রতিসৰিত ৰশ্মি অপসাৰী হোৱা বাবে পিছফালে বঢ়াই দিলে A বিন্দুৰ পৰা অহা যেন লাগে। A বিন্দুৰ ওপৰত থকা এই A/ বিন্দুৱেই হ’ল A বিন্দুৰ অসৎ প্ৰতিবিম্ব ৷ এইদৰে পানীৰ তলত থকা মাৰিডালৰ প্ৰতিটো বিন্দুৰ অনুৰূপ অসৎ প্রতিবিম্ব বিন্দুবোৰৰ ওপৰত পৰিব। এই বিন্দুবোৰ সংযোগ কৰি চিত্ৰত দেখুওৱাৰ দৰে ওপৰৰ পৰা চালে মাৰি ডাল B স্থানত ভাজ লগা যেন দেখা যাব।

Post a Comment

Previous Post Next Post