তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা।
ক) গুটি।
উত্তৰ:- বীজ ।
খ) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া।
উত্তৰ:- ৰাইজোবিয়াম ।
গ) পথাৰত পানী যোগান ধৰা ব্যৱস্থা।
উত্তৰ:- জলসিঞ্চন ।
ঘ) শীতকালত খেতি কৰা শস্য।
উত্তৰ:- ৰবি শস্য ।
ঙ) এবিধ ৰাসায়নিক সাৰ।
উত্তৰ:- ইউৰিয়া ।
চ) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম।
উত্তৰ:- মৰণা ।