লেনছৰ সংজ্ঞা দিয়া। লেনছ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ : গোটা স্বচ্ছ পদাৰ্থ এটুকুৰা, যাৰ পৃষ্ঠ দুখন গোলাকাৰ বা গোলকৰ অংশ বিশেষ তাকেই লেনছ বোলে।
লেনছ দুই প্ৰকাৰৰ-
(ক) উত্তল বা অভিসাৰী লেনছ আৰু (খ) অৱতল বা অপসাৰী লেনছ।
উত্তল লেনছ :
যিবিলাক লেনছৰ মাজভাগ ডাঠ কিন্ত্ত দাঁতিৰ ফালে ক্ষীণ, তেনে লেনছক উত্তল লেনছ বোলে।
অৱতল লেনছ :
যিবিলাক লেনছৰ মাজভাগ ক্ষীণ কিন্ত্ত দাঁতিৰ ফালে ডাঠ, তেনে লেনছক অৱতল লেনছ বোলে।
এখন উত্তল লেন্স দ্বাৰা সমান্তৰাল ৰশ্মিক প্ৰতিসৰণৰ দ্বাৰা অভিসাৰী আৰু অৱতল লেন্স দ্বাৰা অপসাৰী কৰাৰ জোখকে সেই লেন্সৰ ক্ষমতা বা পাৱাৰ বোলে। লেন্সৰ ক্ষমতাৰ একক ডায়প্টাৰ (D)