পোহৰৰ মাধ্যম কাক বোলে ?
উত্তৰঃ যিবোৰ স্বচ্ছ পদাৰ্থৰ মাজেৰে যেনে – বায়ু, পানী, কাঁচ আদি পোহৰ পাৰ হৈ যাব পাৰে সেইবোৰ পদাৰ্থক পোহৰৰ মাধ্যম বোলা হয়।
মানুহৰ চকুৰ বাবে সংবেদনশীল বিদ্যুত চুম্বকীয় বৰ্ণালীৰ দৃশ্যমান অংশক পোহৰ বা দৃশ্যমান পোহৰ বা আলোক (ইংৰাজী: Light) বোলা হয়। পোহৰ 'ফ'টন' নামৰ কিছুমান সূক্ষ্ম 'গোট' বা এককৰ জৰিয়তে বিকিৰিত আৰু অৱশোষিত হয়। পোহৰে তৰংগ আৰু কণা- এই দুই ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰে। এই বিশেষ ধৰ্মক তৰংগ-কণা দ্বৈত ধৰ্ম বুলি কোৱা হয়।