প্রতিসৰিত ৰশ্মি কেতিয়া অভিলম্বৰ কাষ চাপে আৰু কেতিয়া আঁতৰি যায় ?
উত্তৰ : পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিলে, প্রতিসৰিত ৰশ্মি অভিলম্বৰ কাষ চাপে। আনহাতে ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমত প্ৰৱেশ কৰিলে প্রতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়।