গোলাকাৰ দাপোণৰ সংজ্ঞা দিয়া। গোলাকাৰ দাপোণ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ: যাৰ প্ৰতিফলক-পৃষ্ঠ ফোঁপোলা গোলকৰ অংশ বিশেষ। তেনেধৰণৰ দাপোণক গোলাকাৰ দাপোণ বোলা হয়।
গোলাকাৰ দাপোণ দুই প্ৰকাৰৰ –
(ক) অৱতল দাপোণ আৰু (খ) উত্তল দাপোণ।
অৱতল দাপোণ
যি দাপোণত পোহৰৰ প্ৰতিফলন, ভিতৰৰ ফোঁপোলা পৃষ্টত ঘটে আৰু উখহা পৃষ্টটোত ৰূপৰ প্ৰলেপ দিয়া থাকে। যাৰ প্ৰতিফলক পৃষ্ট ভিতৰলৈ ভাঁজ খোৱা। তেনে দাপোণক অৱতল দাপোণ বুলি কোৱা হয়।
উত্তল দাপোণ
যি দাপোণত পোহৰৰ প্ৰতিফলন, বাহিৰৰ উখহা পৃষ্টত ঘটে আৰু ভিতৰৰ ফোঁপোলা পৃষ্টত ৰূপৰ প্ৰলেপ দিয়া থাকে। যাৰ প্ৰতিফলক পৃষ্ট বাহিৰলৈ ভাঁজ খোৱা। তেনে দাপোণক উত্তল দাপোণ বুলি কোৱা হয়।