লােহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়?
উত্তৰ: ইথাইন আৰু অক্সিজেন দহন কৰিলে যথেষ্ট পৰিমাণে তাপ আৰু পােহৰ উদ্ভৱ হয়। এই তাপত লােহা জোৰা দিয়াত সুবিধা হয়। কিন্তু বায়ুৰ পৰিৱেশত ইথাইন দহন কৰিলে বায়ুত থকা আন আন গেছৰ লগতে নাইট্রজেনৰ দহন হৈ নাইট্রজেন অক্সাইড উৎপন্ন হ’ব আৰু যথেষ্ট তাপৰ উদ্ভৱ নহ’ব।