পৰীক্ষাৰ সহায়ত এলকহল আৰু কার্বক্সিলিক এছিডৰ মাজৰ প্রভেদ কিদৰে দেখুৱাব পাৰি?
উঃ দুটা পৰীক্ষানলীত বাইকার্বনেটৰ দ্ৰৱ লৈ এটাত এলকহল আৰু আনটোত কার্বক্সিলিক এছিডৰ দ্ৰৱৰ লগত মিহলােৱা হ’ল। এতিয়া যিটোত বুৰবুৰণি উৎপন্ন হ’ব সেই দ্ৰৱটো কার্বক্সিলিক এছিড হ’ব আৰু আনটো এলকহল। আকৌ এই দুয়ােটা দ্ৰৱত নীল লিটমাছ কাগজ পৃথকে পৃথকে দিওঁ তেন্তে কার্বক্সিলিক এছিডত দিয়াৰ লগে লগে নীলা লিটমাছ ৰঙা হ’ব কিয়নাে এছিড়ে নীলা লিটমাছৰ ৰং ৰঙা কৰে। কিন্তু এলকহল দ্ৰাৱত লিটমাছৰ ৰঙৰ পৰিৱৰ্তন নহয়।