‘পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰ পৰা চালে প্রকৃত গভীৰতাতকৈ ইয়াক কিছু ওপৰত থকা যেন লাগে। ”কিয় এনে হয় ৰশ্মি চিত্ৰ আঁকি বুজাই লিখা।

‘পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰ পৰা চালে প্রকৃত গভীৰতাতকৈ ইয়াক কিছু ওপৰত থকা যেন লাগে। ”কিয় এনে হয় ৰশ্মি চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰ পৰা চালে প্রকৃত গভীৰতা তকৈ ইয়াক কিছু ওপৰত থকা যেন লাগে। কিয় এনে হয় তাক বুজিবৰ কাৰণে তলৰ পৰীক্ষাটো কৰা হল।

চিত্ৰত দেখুৱাৰ দৰে পাত্ৰ এটাত আধামানলৈকে পানী লোৱা হ’ল। ধৰি লোৱা হ’ল পাত্ৰটোৰ তলিত D বিন্দুত মাছটো থোৱা হ’ল। পাত্ৰটোত পানীৰ প্ৰকৃত গভীৰতা হ’ল OD। এতিয়া D বিন্দুৰ পৰা অহা DA ৰশ্মি পানীৰ তলত আপতিত হোৱাৰ পিছত ঘনতৰ মাধ্যম পানীৰ পৰা লঘুতৰ মাধ্যম বায়ুলৈ যাওঁতে অভিলম্বৰ পৰা আঁতৰি AB বাটেৰে প্ৰতিসাৰিত হয়। সেই দৰে  D বিন্দুৰ পৰা অহা আন এটা আপাতিত ৰশ্মি DE প্ৰতিসৰণৰ পিছত EF বাটেৰে যায়। AB আৰু EF ৰশ্মি অপসাৰী হোৱা বাবে পিছফালে বঢ়াই দিলে D/ বিন্দুৰ পৰা অহা যেন অনুমান হয়। অর্থাৎ OD/  হ’ল D বিন্দুৰ অসৎ প্রতিবিম্ব ৷ এতিয়া, পাত্ৰটোত থকা মাছটোলৈ ওপৰৰ পৰা চাই পঠিয়ালে মাছটো OD/ বিন্দুত থকা যেন লাগে। এই OD/  বিন্দুটো পাত্ৰটোৰ আপাত গভীৰতা।

ইয়াৰ পৰা আমি ইয়াকে বুজিলো যে স্বচ্ছ লঘুতৰ মাধ্যমৰ পৰা স্বচ্ছ ঘনতৰ মাধ্যমলৈ চালে ঘনতৰ মাধ্যমৰ গভীৰতা কিছু কমা যেন লাগে ।


Post a Comment

Previous Post Next Post