এজন গােৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছডা যােগ কৰিলে।
(a) কিয় তেওঁ কেচা গাখীৰৰ PHৰ মান 6ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে।
(b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়?
উত্তৰঃ
(a) গাখীৰত বেকিং ছডা মিহলালে গাখীৰ সামান্য পৰিমাণে ক্ষাৰকীয় আৰু গাখীৰ বেছি সময়লৈ নষ্ট নােহােৱাকৈ থাকে।
(b) লেকটিক এছিড গাখীৰত মিহলােৱা বেকিং ছডাৰ লগত বিক্রিয়া কৰি প্ৰশম হয়। এতিয়া গাখীৰ দৈত পৰিণত হ’বলৈ অধিক পৰিমাণৰ লেকট্রিক এছিডৰ প্রয়ােজন হয়। ফলত গাখীৰ দৈত পৰিণত হ’বলৈ অধিক সময়ৰ প্রয়ােজন।