এলকহল ‘আৰু গ্লুক’জৰ দৰে যৌগবােৰতাে হাইড্রজেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্রেণীভূক্ত কৰা হােৱা নাই। ইয়াক প্রমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ এটা বিকাৰত গ্লুক’জৰ দ্ৰৱ লােৱা হ’ল। এটা কৰ্কৰ সহায়ত দ্ৰৱৰ ভিতৰত দুটা গজাল সুমুৱাই দি গজাল দুটাৰ মূৰত তাৰৰ সহায়ত 6 ভল্টৰ বেটাৰী, এটা বাল্ব আৰু এটা চুইচ সংযােগ কৰা হ’ল। এতিয়া চুইচটো দিয়াত বাল্বটো জ্বলা নাই। একেদৰে গ্লুক’জৰ পৰিৱর্তে এলকহলৰ দ্ৰাৱত চুইচ দিলে বাল্বটো নজ্বলে। অর্থাৎ, দ্রবত হাইড্রজেন আয়ন। (H+) উৎপন্ন হােৱা নাই। সেইবাবে এলকহল আৰু গ্লুকজক এছিডত শ্রেণীভূক্ত কৰা হােৱা নাই।