বীজসিঁচা
উত্তৰ:- শস্য উৎপাদনৰ প্ৰধান কাম হল বীজ সিঁচা । প্ৰয়োজনীয় সাৰ, পানী দি মাটি ডৰা ভালদৰে চহোৱাৰ পিছত উন্নত জাতৰ বীজ নিৰ্বাচন কৰা হয় । বীজবোৰ এক নিৰ্দিষ্ট দূৰত্ব আৰু গভীৰতাত ৰোপন কৰিব লাগে যাতে শস্যবোৰ বেছিকৈ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী পাব পাৰে ।
চুপি আকৃতিৰ পাইপ সংলগ্ন পৰম্পৰাগত সঁজুলিৰ ব্যৱহাৰ কৰি বীজ সিঁচিব পাৰি । আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিচিব পাৰি । সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত, এই সজুলিয়ে বীজবোৰ সিঁচে । বীজ সিঁচাৰ পাছত বীজবোৰ মাটিৰে ঢাক খাইছে নে নাই তাক যন্ত্ৰটোৱে নিজে নিশ্চিত কৰে ।
ফলত বীজবোৰ চৰাইৰ পৰা ৰক্ষা পৰে । বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিলে খেতিয়কৰ শাৰীৰিক শ্ৰম কমে আৰু সময়ো ৰাহি হয় ।