মাটি চহোৱা
উত্তৰ:- মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম । কৃষি কাৰ্যত প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হল মাটি ডৰা চহোৱা । চহোৱা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে । গছৰ শিপাই চহোৱা মাটিত তললৈ গলেও অতি সহজে উশাহ লব পাৰে । চহোৱা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে ।
মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিটোকে মাটি চহোৱা বোলে । নাঙলৰ দ্বাৰা এই কাম কৰা হয় । নাঙল সাধাৰণতে কাঠ আৰু লোৰ সহায়ত সজা হয় । ইয়াক এহাল বলধ বা ম’হৰ দ্বাৰা টনোৱা হয় । এহাল বলধৰ সহায়ত এখন মানুহে সহজে মাটি চহোৱা কাম কৰিব পাৰে ।