বনবাত নিৰোৱা
উত্তৰ:- খেতি পথাৰত শস্যৰ বাহিৰে গজি উঠা অনাবশ্যকীয় উদ্ভিদ সমূহ আঁতৰোৱাকে বনৱাত নিৰোৱা বোলে । শস্যৰ বৃদ্ধিৰ কাৰণে বণবাত নিৰোৱা প্ৰয়োজনীয় কাম । বীজ সিঁচাৰ আগতে অপতৃণ বোৰ উভালি পেলাব পাৰি । সাধাৰণতে ফুল আৰু গুটি ধৰাৰ আগতেই অপতৃণ নিৰোৱাৰ ব্যৱস্থা লব লাগে । খন্তি, কোৰ আদি ব্যৱহাৰ কৰি বনবাত নিৰোৱা কাম কৰিব পাৰি ।