এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

(a) ক্ষয়ীভৱন।
(b) চৰ্বিৰ দুর্গন্ধিতা

উঃ (a) ক্ষয়ীভৱন: ধাতুসমূহে বায়ুমণ্ডলৰ অক্সিজেন, জুলীয় বাষ্প, কার্বন ডাই-অক্সাইড আদিৰ সৈতে বিক্রিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে। যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্রান্ত হয়, তেতিয়া ইয়াৰ ক্ষয়ীভৱন আৰম্ভ হয়। ছিলভাৰৰ ওপৰত পৰা কলা চামনি ক্ষয়ীভৱনৰ এটা উদাহৰণ।

(b) চর্বি দুর্গন্ধিতা : যেতিয়া তেল আৰু চর্বিজাতীয় খাদ্য বস্তুবােৰ অধিক দিনৰ বাবে ৰখা হয় তেতিয়া তেল বা চর্বি বস্তুবােৰ অক্সিজেনযুক্ত হৈ খাদ্যবস্তুৰ দুর্গন্ধিতা হয়। ইয়েই হ’ল চৰ্বিৰ দুৰ্গন্ধিতা। ইয়াৰ ফলত তেল বা চর্বি ব্যৱহৃত খাদ্য বস্তুবােৰ খােৱাৰ অনুপযােগী হৈ উঠে।


Post a Comment

Previous Post Next Post