ৰাসায়নিক সমীকৰণৰ সীমাবদ্ধতা কাক বােলে? উদাহৰণ দিয়া।

ৰাসায়নিক সমীকৰণৰ সীমাবদ্ধতা কাক বােলে? উদাহৰণ দিয়া।

উত্তৰঃ ৰাসায়নিক সমীকৰণ এটাৰ পৰা বিক্রিয়া সম্পর্কে সকলাে কথা গম পােৱা নাযায়। ইয়াকে ৰাসায়নিক সমীকৰণৰ সীমাবদ্ধতা বুলি কোৱা হয়।
যেনে— (ক) বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ ভৌতিক অৱস্থা, গােটা, তৰল নে গেছীয় ইত্যাদি জনা নাযায়।
(খ) বিক্রিয়া এটাৰ ফলত তাপৰ উদ্ভৱ হয়নে তাপ শােষণ হয় ৰাসায়নিক সমীকৰণ এটাৰ পৰা জনা নাযায়।
(গ) কিছুমান বিক্রিয়া সংঘটিত কৰিবলৈ তাপৰ প্রয়ােজন হয়। কিন্তু সমীকৰণটোৰ পৰা এই কথা জনা নাযায়।
(ঘ) বিক্রিয়াত প্রয়ােজন হােৱা অনুঘটক, বিক্রিয়াৰ বেগ, বিক্রিয়াৰ সময় ইত্যাদি সমীকৰণৰ পৰা জনা নাযায়।


Post a Comment

Previous Post Next Post