নেফ্রনৰ গঠন আৰু কার্য বর্ণনা কৰা।
উ:
নেফ্রনৰ গঠন:
নেফ্রন হ’ল বৃক্ক গঠন কৰা একক। দেখিবলৈ নেফ্রনবােৰ এডাল পাকখােৱা নলীৰ দৰে। ইয়াৰ দুটা অংশ থাকে ইয়াৰ এটা মালপিঘিয়ন বডি আন অংশ বৃক্কীয় নলীকা। নেফ্রনৰ প্ৰথম অংশ এটা কাপৰ দৰে আৰু ইয়াত অসংখ্য ৰক্তজালিকা সােমাই থাকে। এই অংশখিনিকে মালপিঘিয়ান বডি বােলে। ইয়াৰ পিছৰ অংশ সৰু মিহি এডাল পাকখােৱা নলী যাক বৃক্কীয় নলীকা বােলে। বৃক্কীয় নলীকাৰ প্ৰথম অংশক সমীপৱৰ্তী কুণ্ডলীকৃত নলীকা, তাৰ পিছৰ ইংৰাজী U আকৃতি নলী অংশক হেলিৰ লুপ আৰু একেবাৰে শেষৰ অংশক দূৰৱৰ্তী কুণ্ডলীকৃত নলীকা বােলা হয়।
নেফ্রনৰ কাৰ্য:
নেফ্রনবােৰে প্ৰথম অৱস্থাত গ্লুক’জ, এমিন’ এছিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকী লৈ পিছত পাছৰ নলিকা অংশত অধিশােষণ কৰি লয়। দেহৰ অতিৰিক্ত পানী, বিপাকীয় কার্যত উৎপন্ন হােৱা বিভিন্ন ধৰণৰ নাইট্রজেন জাতীয় পদার্থবােৰ ৰক্তস্রোতৰ পৰা পৃথক কৰি মুত্র হিচাপে অপসাৰিত কৰে।